কফিনত অৱৰুদ্ধ প্ৰাণ ভোমোৰা – সুনম বিশ্বাস

PC - DeviantArt

কফিনত অৱৰুদ্ধ প্ৰাণ ভোমোৰা

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

এই যে প্ৰতিপলে কষ্টৰ টোপালবোৰ
সৰি পৰিছে অভ্ৰভেদী…
খবৰ ৰাখিছেনে কোনোবাই ?
ভৰিৰ তলৰ জুইকুৰাত ছট্ফটাই থকা
মাটিৰ মানুহৰ থিয় হৈ থকাৰ ধৈৰ্য কিমান ..?

সেউজীয়াক হত্যা কৰি ধূসৰিত কৰা ধৰণীৰ
সেই হত্যাকাৰীকেইটা ক’ত আছে  জানেনে ?
কোনোবা আছে এ.চি. কোঠাৰ আৰামী চকীত বহি
আন কোনোবা আছে দেশৰ বুকুত কুঠাৰ মাৰি
বিদেশত বিশাল অট্টালিকাত কোমল দলিচাত পৰি
কেঁচা মাংসৰ সোৱাদ লৈ…
প্ৰাণ বিক্ৰয় কৰি হৰ্ম্যৰ কোঠাত সোমাই
ঠিক ভালেই আছে…
সিহঁতৰ চিন্তা নাই , নাই নাই…অকণো নাই
অশান্তিৰ বুকুত শান্তিক কফিন দি সিহঁত নিচিন্তে আছে !!

সঁচাকৈ আস্থাক নাস্তা কৰি খাইছে সেই
আপদীয়া কেঁচাশালকেইটাই…!!
দিনত কপালত কুলতিলক লৈ
ভক্তিৰ বাণী বিলাই ফুৰি শাকাহাৰী সাজিছে ,
আকৌ এন্ধাৰকে ৰক্ষা কৱচ কৰি
গোটাগোট মাংস গিলেছে…
তাৰ প্ৰমাণো পৰি থাকে চৌপাশে ,
কিন্তু চুলেই কুল যোৱাৰ ভয়ত দুচকুত পটি বান্ধে
সেই তৃণভোজী হৰিণাবোৰেও…
সেয়ে,,

সাম্প্ৰতিক নিমাত ৰাণীৰ বুকুখনত শেলাই গজিছে ,
কিমান ডাঠ তৰপেৰে যে গধুৰ হ’বলৈ ধৰিছে
সেয়া ধাৰণাতীত…!
এটা কথা সুনিশ্চিত যে অনাগত দিনত
প্ৰাণ ভোমোৰাৰ হাহাকাৰত মৰ্মাহত হ’ব জীৱন
বিশাল অগ্নিকুণ্ডত ভষ্মীভূত হ’ব ধনৰ লালসা আৰু
ক্ৰন্দনসী বিয়পি ৰুদ্ধ কণ্ঠৰ আৰ্তনাদত
সুখৰ হৰ্ম্যত ছিঁৰাল ফাট মেলিব… সেয়া নিশ্চিত !!