কপাল – নাচিমা য়াচমিন

কপাল

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি 

কনমানি ছোৱালী জনীক বুকুত সামৰি লৈ নন্দিনীয়ে বাছখনত উঠি পৰিল।  নন্দিনীক কণমানি জনীয়ে ক’ত যাব এতিয়া সিহঁত বুলি বাৰে বাৰে সূ্ধি আমনি কৰি আছে।
: আমি বহুত দূৰলৈ গুছি যাম মা,
: য’ত পাপা গুছি গৈছে তাত নি মা ?
তাই ছোৱালী জনীক বুকুত সুমুৱাই লৈ ক’লে;
: এনেকৈ নকয় মা।
মানুহজন  সিঁহতক এৰি যোৱা আজি দুটা বছৰ হ’ল। এই দুটা বছৰে তাই শাহুয়েকৰ গালি গালাজ শুনি ঘৰখনত বিনা পইছাৰ কাম কৰা বাইৰ দৰে হৈ পৰিছিল।
: কুলক্ষণী কৰবাৰ, মোৰ ল’ৰাটোক খালে এই জনীয়ে,  ৰাতিপুৱাই এইৰ মুখ খন দেখা পালোঁ যেতিয়া গোটেই দিনটোয়েই বেয়া যাব।
তাই একো প্ৰতিবাদ নকৰি সদায় শাহুয়েকৰ ককৰ্থনা বোৰ, অপমান বোৰ সহ্য কৰি থাকিছিল।
কিন্তু তাইৰ সন্তানৰ গাত এটা আচুৰ লাগিলেও তাই  বাঘিনিৰ দৰে গৰজী উঠিছিল।
: মা আপোনাৰ ল’ৰাৰ হোৱা accident ত মই কেনেকৈ দোষী হ’লোঁ, মই তেঁওক শিকাই দিয়া নাছিলোঁ নহয় মদ এসুপা গিলি গাড়ী চলাবলৈ।
: এই জনী আজি কালি বৰ মুখে মুখে কথা ক’ব পৰা হৈছে। সৰু বোৱাৰী তুমি গৰম হেতা খন লৈ আনা চোন, ভালকৈ এসেকা এটা দিওঁ এইক।
: খবৰদাৰ মা, এই ভুল কৰিব নাহিব আজি। মই এতিয়াই থানাত যাম আপোনাৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ। বধু নিৰ্যাতন কৰা শাস্তি কি হয় জানেই নিশ্চয়?  আৰু মোৰ ছোৱালীৰ গাত হাত উঠাৱ আহিলে মই সম্পৰ্কৰ কথা পাহৰি যা়ম।
শাহুয়েকে এইবাৰ তাইক এৰি নিজৰ নাতিনিয়েক জনীক target কৰিলে। তেওঁ হিংসাত নিজকে ইমানেই ডুবাই ৰাখিছে যে নিজৰ ল’ৰাৰ অংশকো এৰি  দিয়া নাই।
যিদিনা খন তেওঁ ছোৱালী জনীৰ গাত হাত তুলিছিল। তাই সেই দিনাখনেই নিজৰ ছোৱালী জনীক লগত লৈ অজানা ঠিকনা বিছাৰি বাছখনত উঠি পৰিছিল।এই বিষাক্ত পৰিৱেশত তাই কোনো পধ্যেই নিজৰ আলাসৰ লাডু জনীক ডাঙৰ হ’বলৈ দিব নোৱাৰে।