কপাল – আয়নাল হক

অণুগল্পৰ

কপাল

আয়নাল হক,ধুবুৰী

প্ৰখৰ ৰ’দত সৰিয়হ তুলি-মাৰি পোৱা সৰিয়হ কেই কুইণ্টল দোকানত দি পোৱা টকা কেইহাজাৰ গণি থাকোঁতে ৰজতে মনতে ভাবিলে—আজি ল’ৰাৰ মাকলৈ চপ্পল এযোৰ লৈ যাব লাগিব।
“ঐ নিলে অ’ নিলে নিলে—-” চিলনী চুৰে থাপ মাৰি নিয়া টকাখিনিৰ পিছত দৌৰিবলৈ তেতিয়া আৰু ৰজতৰ শক্তি নাছিল দিনটোৰ পৰিশ্ৰমৰ অন্তত।ৰজত বহি পৰিল মূৰে-কপালে হাত থৈ—! যেন বিধিয়ে দিলেও বিধাতাই নিদিয়ে…।