কন্যা বিদায় – নাচিমা য়াচমিন

কন্যা বিদায়

 নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

যি কি নহওঁক বৰুৱা, বিয়াখন সুকলমে উদ্ধাৰ হ’ল যেনিবা,, আটক ধুনীয়াকৈ সজাই পৰাই ছোৱালীক বিদায় দিছে , কোনেও একো খুঁত উলিয়াব নোৱাৰাকৈ।

এৰা,, শইকীয়া,,, এজনীয়েই ছোৱালী মোৰ।  বিয়াৰ নামত অত দিনৰ  সঞ্চয়ৰ মোনা সেৰেঙা হ’ল,,, মাটি বিঘাও অইনৰ দখললৈ গ’ল।

একো নাই বুঢ়া- বুঢ়ী দুজন হে,, দুবেলা দুই পেট চলি যাব আৰু কিবা কৰি। মাথোঁ ছোৱালী জনী সুখী হওঁক।