কন্ঠশিল্পী ৰাজ মহিম নাথক “সংগীত নন্দন” বঁটা প্ৰদান
শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী জ্যোতি চিত্ৰবনত ১ চেপ্তেম্বৰত (NEBCUS)ৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় “সংগীত নন্দন” বঁটা ২০২৪ চনৰ শুৱালকুছি, গন্ধমৌ নিৱাসী কন্ঠশিল্পী ৰাজ মহিম নাথক প্ৰদান কৰা হয় । বিভিন্ন ঠাইত গীত পৰিৱেশন কৰা কন্ঠশিল্পী গৰাকীৰ এই ৰাষ্ট্ৰীয় সন্মানে সকলোকে আনন্দিত কৰি তুলিছে । গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক নৃত্য আৰু গীতেৰে জীপাল হৈ পৰে। কন্ঠশিল্পী ৰাজ মহিম নাথে সংগীতৰ জৰিয়তে যি সন্মান লাভ কৰিলে তাক লৈ অঞ্চলবাসীৰ লগতে শুভাকাংখী সকলে শুভেচ্ছা জনাইছে।বিভিন্ন ঠাইত গীত পৰিৱেশন কৰা কন্ঠশিল্পী গৰাকীৰ এই ৰাষ্ট্ৰীয় সন্মানে সকলোকে আনন্দিত কৰি তুলিছে ।