নৱম খণ্ড
কনচেং
কুন্তলাৰ চকুহাল চলচলীয়া হৈ আহিছিল যদিও এটোপাল অশ্ৰুও ওলাই আহিব দিয়া নাছিল। তাই ইমান ধৈর্য ধৰি আছিল যে ভৰ বাৰিষাৰ প্ৰবাল বৰষুণত ভৰি পৰা নদীৰ বুকুৰ প্ৰচণ্ড ঢৌৱে একে কোবে পাৰ ভাঙি উটুৱাই নিব দুয়োপাৰৰ অলেখ সপোনবোৰ। লগে লগে কনচেঙে হাতৰ পৰা এৰি দিছিল তাইৰ হাতখন। তাৰপাছত বাৰান্দাতে পীৰা খন দি বহিবলৈ ক’লে কুন্তলাক! কুন্তলাই যি কথা লৈ কনচেঙৰ ওচৰলৈ আহিছিল, এতিয়া তাৰ পৰিবৰ্তে তাইৰ মনৰ খবৰ সুধি যাবলৈ ওলাল। কুন্তলাই হঠাৎ যাবলৈ ওলোৱাত কনচেঙে আচৰিত হৈ সুধিলে;_ কি হ’ল তোৰ; এনেকৈ হঠাৎ যাবলৈ ওলালি যে? কিয় আহিছিলি? কি কথাক লৈ আহিছিলি একো নকলি দেখোন মোক?
নাই এনেয়ে আহিছোঁ! বুলি একো নোহোৱাৰ ভাৱ দেখুৱাই ক’লে, কুন্তলা গলগৈ। কুন্তলাৰ কথাক লৈ কনচেঙে কিছু পৰ ভাবিব ধৰিলে… ; কিয় বা আহিছিলি তাই? নাই! নাই! বিশেষ কথা থাকিলে তাই মোক আগতে কলে হয়। হয়তো ঘৰত অকলে আছিল বাবেই মোৰ ওচৰত আহি মনটো ভাল লগাবলৈ আহিছিলি! কুন্তলাৰ কথা পাহৰি কনচেঙে নিজৰ কথাকে ভাবিব ধৰিলে…! লাংথুলুৰ লগত তাই কৰা সম্বন্ধত যদি কোনো ৰকমে চুবুৰীটোৰ লোকসকলে গম পাই তেন্তে মানি ল’ব নে? নে সিহঁতৰ সম্বন্ধটোক চুবুৰীয়াই অস্বীকাৰ কৰিব ? যদিহে অস্বীকাৰ কৰে তেতিয়া কি বুলি উত্তৰ দিব লোকসকলক তাই ? তেতিয়া কি চুবুৰীয়াৰ কথামতে লাংথুলুক এৰি দিব নেকি তাই…? নাই.. নাই! সেয়া কেতিয়াও সম্ভৱ নহয়! তাইৰ ওপৰত চুবুৰীয়াই ইমান বিশ্বাসঘাতকতা নকৰে! সিহঁতৰ সম্বন্ধটোক কেতিয়াও বিচ্ছেদ নকৰে। বৰঞ্চ বেছি ভাল হে পাব। আমাৰ এই সম্বন্ধটোক অটুট হৈ থকাৰ বাবে সকলোৱে মুৰত হাত ৰাখি আশীৰ্বাদ হে কৰিব।
এটা নিৰ্মল ৰ’দালি পুৱা। ফৰকাল নীলা আকাশৰ তলত এজাক বগা বগলীয়ে খাদ্যৰ সন্ধানত ওলাই আহিছে। ধেনুভেৰীয়া আকৃতিৰ ৰূপ লৈ সিহঁতৰ নিৰ্দ্দিষ্ট লক্ষ্য হয়তো ডাঙৰ বিলৰ! য’ত কম সময়ৰ ভিতৰতে খাদ্য যোগাৰ কৰি ঘৰলৈ উভতিব পাৰে…! গভীৰ নীলাৰ তলত সৃষ্টিৰ এই ৰম্যভুমিতে গঁজি উঠিছিল বিভিন্ন প্ৰজাতিৰ অলেখ ৰঙৰ ঠায়ে ঠায়ে বনৰীয়া ফুলৰ সমাহাৰ। পুৱাৰ কোমল ৰ’দালিৰ কিৰণ পৰাৰ লগে লগে প্ৰতিপাহ ফুল পূৰ্ণতা হৈ ফুলি উঠাৰ লগতে তাৰ উজ্জ্বলতা আহি চকুত পৰিছিল। কোনোবা অজান দেশৰ পৰা বৈ অহা বতাহজাকত নাকত আহি লাগিছিলেহি প্ৰতিপাহ ফুলে এৰি দিয়া সুবাসবোৰ। কনচেঙে হাঁহ, কুকুৰা, পাৰ আৰু মইনা চৰাই হাল মুকলি কৰি দি চোতালত খুদ কণ ছটিয়াই আছিল! তাই প্ৰতিটো পোহনীয়া চৰাইৰে একো একোটা নাম দি ওচৰলৈ মাতিছিল! সিহঁতেও কনচেঙৰ মাতত দৌৰি আহি কোচত বহিছিল। আহঃ কি এক অদ্ভুত দৃশ্য। কিন্তু ভেম কৰি শহা পহু দুটাই ৰৈ আছে দুৰতে..! তথাপিও ওচৰ চাপি অহা ও নাই আনকি এটা খুদকণো মুখত দিয়া নাই; সিহঁত দুটাৰ ভেম দেখি কনচেঙে অলপ আদৰ কৰি কাষলৈ মাতি আনা বাবেহে এখোজ দুখোজকৈ আগবাঢ়ি আহিছে। যেন একেবাৰেই আমাৰ চুবুৰীটোৰ চাংমাই জনী। হয় কনচেঙৰ মৰমৰ বান্ধৱী চাংমাই ঠিক এই দুটাৰ দৰেই।
তাই যেতিয়া এই পোহনীয়া চৰাই জীৱ জন্তুবোৰৰ মাজত খেলা কৰে অন্য পৃথিৱীৰ সকলো কথা পাহৰি যায় তাই! হেৰাই যায় সিহঁতবোৰৰ মাজত; আগতে সিহঁতবোৰক দিনটোৰ ভাগত অলপ হলেও সময় দিছিল, কিন্তু এতিয়া তাই দিনটোৰ কথা বাদেই সপ্তাহ কি মাহদিনতো সময় উলিয়াবলৈ নোৱাৰে ; ক’ব নোৱাৰে নিজকে তাই, দিনটোৰ বেছি ভাগ সময় এনেয়ে পাৰ কৰি দিয়ে তথাপিতো সিহঁতৰ লগত মন নবহে তাইৰ? তাই নিজকে কেতিয়াবা প্ৰশ্ন কৰে? তাইৰ হৈছে কি…? খোৱা বোৱা ও ঠিকেই কৰি আছে ; দেহতো কোনো অসুখ বিসুখ নাই হোৱা ; ইফালে সিফালে ঘুৰি ফুৰিও আছে ; তাৰ পাছতো তাই সিহঁতৰ বাবে সময় উলিয়াব পৰা নাই? কথাবোৰে তাইক ভাবান্তৰ কৰি তোলাৰ লগতে বিৰক্ত ও কৰি তোলে। ইয়াৰ আগতে তাই কেতিয়াও এনেকুৱা নাছিল! আজি প্ৰায় দুমাহ মানৰ পৰাই তাই নিজকে এই সকলোবোৰৰ বাদেই অন্য বেলেগ কিবা এটাহে বিচাৰি আছে ; হয়তো পোৱা নাই বাবেই চিন্তাত ডুব গৈ থাকে! পোৱাৰ বাবে যত্ন নকৰাও নহয়, বাধাও আহি পৰা নাই, তেন্তে তাক এই ক্ষেত্রত কিয় আগবাঢ়ি যাব পৰা নাই বাৰু…! এই সকলোবোৰে তাইক কেতিয়াবা ব্যতিব্যস্ত কৰি তোলে! নে তাই কিবা অন্য আশা কৰি আছে? তাই মনতে ভাবিলেই যেনিবা, চুবুৰীটোত থকা মিথিংগা হঁতৰ দৰে বয়জ্যেষ্ঠ মানুহ থকাৰ পাছত তাই পদ গ্ৰহণ কৰাটো যোগ্য হ’ব নে ? নে তাই লাংথুলুক সেই পদত ৰাখিবলৈ বিচাৰিছে? চিন্তাবোৰে যেন তাইক খেলিমেলি কৰি দিয়ে। তোলপাৰ কৰি দিয়ে মনৰ ভাৱনা। শান্তি মগজুৰে ভাবিব খুজিও ভাবিব নোৱাৰে তাই ; মুঠৰ ওপৰত এটা অশান্তিময় পৰিবেশত তাই সোমাই পৰিছে!
মুন ৰাজবংশী
নলবাৰী হাঁহদলী