কথোপকথন
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
: ইমান বেছি অভিমান?
: নহয়, অভিমানবোৰ নিজৰ লোকৰ লগতহে ভাল দেখি।
: মোক বেয়া পাইছা?
: তোমাক বেয়া পোৱাকৈ ভালপোৱা নাছিলোঁ।
: ইমান উদাসীনতা?
: নহয়, মই বহুত সুখী।
: হাঁহি থাকিবা সদায়, হাঁহিলে ভাল লাগে তোমাক,,,
: যাৰ কপালত চকুপানীয়েই একমাত্ৰ সাৰথি, হাঁহিৰ স্থান ক’ত হ’ব,,,
: মোক ক্ষমা কৰিব পাৰিবানে?
: ক্ষমা কৰিবলৈ বেয়া পাবও লাগে,,,
: আকৌ এবাৰ সুযোগ দিব নোৱাৰা নি মোক?: মই দিব নিবিচাৰিলেও যে মোৰ হৃদয়ে ঠেহ পাতিব।
: ব’লা না আকৌ এবাৰ নতুনকৈ সকলো আৰম্ভ কৰো,,
: কান্দিব পৰা শক্তি নাই আৰু মোৰ ওচৰত।
: কান্দিবলৈও নিদিওঁ তোমাক,,
: দেখা যাব,,
: okay,,,
: হুম,,,