কণমানি পখিলাৰ ৰং- গায়ত্ৰী দেৱী বৰঠাকুৰ

p.c-Unsplash

কণমানি পখিলাৰ ৰং

ডিচেম্বৰ মাহ আহিলেই আমাৰ কণমানি পখিলা জনী আনন্দত অধীৰ হৈ পৰে।নহ’ব নো কিয়? ডিচেম্বৰ মাহত ক’ম কেইটা কেক্ তাই কাটিবলৈ পাব নে? ডিচেম্বৰৰ পোন্ধৰ তাৰিখে পখিলাৰ জন্মদিন । পচ্চিশ তাৰিখে তাহাঁতি উলাহ-মালহেৰে পালন কৰে
যীশুৰ ওপজা দিনোটো ।মাকে সেই দিনাও এটা কেক্ বনায়।দুয়োটা দিনতেই আলহী-অতিথিৰে ভৰি থাকে পখিলাহঁতৰ ঘৰ।তাৰ কেইদিন মান পাছতেই নতুন বছৰৰ আদৰিবলৈ এটা ডাঙৰ কেক লৈ খুৰাক তাহাঁতৰ ঘৰলৈ আহে। কিমান যে ভাল লাগে পখিলাৰ ।যেন সকলোৰে মৰমতে তাইৰ মনটোও ফুটুকীয়া পখিলাৰ দৰেই ৰঙীন হৈ পৰে।নাচ- গান , চকলেট- কেক …আহ..কি যে ভাল লগা এই সকলোবোৰ। তাতোতকৈ ভাল লগা সকলোৰে মৰম- আদৰ।কণমানি পখিলা সকলোৰে বৰ মৰমৰ।

পিছে যোৱা দুবছৰে পখিলাই ধুম্- ধামকৈ পালন কৰিব পৰা নাই তাইৰ জন্মদিনৰ লগতে যীশুৰ ওপজা দিনটোও।গোটেই পৃথিৱী খন ক’ৰণাৰ আতঙ্কিত কঁপি আছে ।কিমান যে সাৱধান হৈ চলি আছে তাহাঁতি।সঘনাই হাত ধুইছে, চেনিটাইজাৰ লগাইছে!আনকি বজাৰৰ পৰা অনা বস্তু- বাহনিবোৰো ধুই নাইবা দুদিনমান অলপ আছুতীয়াকৈ থৈ হে ব্যৱহাৰ কৰে।এনে অৱস্থাত ঘৰলৈ আলহী মতাৰ প্ৰশ্নই নাহে। পখিলা সৰু হ’লেও বুজি পাই পৃথিৱীৰ মানুহৰ এই দুখলগা পৰিস্থিতিৰ কথা।তাইৰ মাজে- মাজে মনটো অলপ বেয়াও লাগে।কিমান চাগে এগৰাহ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।ক’ত শিশুয়ে চাগে ভোকতেই টোপনি গৈছে। হঠাতে পখিলাৰ মনত এটা চিন্তা খেলালে । বৰ্তমান পৰিস্থিতি অলপ ভাল যদিও ‘অমিক্ৰণ’ৰ বাবেও আকৌ বহু ঠাইত আতঙ্কৰ আৰম্ভ হৈছে।সেয়েহে ঘৰলৈ বহুত মাতি তাইৰ জন্মদিন উৎযাপন কৰাতকৈ তাই চোন তাইৰ জন্মদিন সৰলা পেহীৰ অনাথ আশ্ৰমতেই পাতিব পাৰে। দুপৰীয়া কথাটো তাই আইতাকক ক’লে, “আইতা, এইবাৰ মোৰ জন্মদিন সৰলা পেহীৰ আশ্ৰমত পালন কৰিলে তোমালোকে ভাল পাবানে আইতা।” পখিলাৰ কথা শুনি আইতাক আচৰিত হ’ল। ” কণমানি পখিলা জনী তাৰমানে অলপ ডাঙৰ হৈছে ন!”– আইতাই মুখত ভাত গৰাহ ভৰাই হাঁহি- হাঁহি ক’লে। “নহ’ম কিয় আইতা , তোমাৰ হে নাতিনী।তোমাৰ লগতেই দিনটো থাকোঁ। তোমাৰ পৰাই শিকিছোঁ সকলো কথা আইতা “– পখিলাই আইতাকৰ কোলাত বহিলেগৈ এইবেলি।

মাক- দেউতাক অফিচৰ পৰা অহাৰ পাছত তাই কথাটো দুয়োজনকে ক’লে,” মা- দেউতা, জানা আমি মানে মই আৰু আইতাই মিলি এটা কথা ভাবিছোঁ। তোমালোকৰ অনুমতি পালে এইবাৰ মোৰ জন্মদিনটো সৰলা পেহীৰ আশ্ৰমতে পালন কৰিব খুজিছোঁ।” পখিলাৰ মাক- দেউতাকে তাইৰ মনৰ কথা বুজি পালে। দুয়োজনে দুয়োজনলৈ এবাৰ চাই একেলগেই সন্মতি প্ৰদান কৰিলে। ” ঠিক আছে পখিলা।সেইদিনটো আমি তোমাৰ আৰু মাৰ কথা মতেই উৎযাপন কৰিম।” — দেউতাকে এটা হাঁহি মাৰি কোৱা কথা খিনিত পখিলা আনন্দত অধীৰ হৈ পৰিল।তাই একে জাপে গৈ দেউতাকক সাৱটি ধৰিলে গৈ।মাকে পখিলাৰ মূৰত হাত বুলাই ক’লে, ” আমাৰ কণমানি পখিলাৰ মনটো বৰ ধুনীয়া দেই।সদায় এনেদৰে আনৰ ভাল কথা , উপকাৰৰ কথা ভাবিবা দেই।তেহে যীশুয়ে তোমাক ভাল পাব পখিলা। জানা মানুহক সেৱা- শুশ্ৰষা কৰা মানেই ভগৱানৰ সেৱা- শুশ্ৰষা কৰা পখিলা।” মাকৰ কথাত পখিলা আবেগিক হৈ পৰিল।তাই মাথো মাকক সাৱটি ক’লে, ” তোমাৰ কথা শুনি মোৰ মাডাৰ টেৰেচাৰ কথালৈ মনত পৰি গৈছে মা।কিতাপত পাইছোঁ নহয় তেওঁ কথা।মই চেষ্টা কৰিম মা। ভাল কামেৰে তোমালোকৰ সন্মান ৰক্ষা কৰিবলৈ।” মাকে পখিলাৰ কথাত মুগ্ধ হৈ তাইক কোলাতেই উঠাই ল’লে।

এনেদৰে এদিন- দুদিনকৈ গৈ ডিচেম্বৰৰ পোন্ধৰ তাৰিখ আহি পালে।সেইদিনা পুৱাতেই সকলোয়ে গা- পা ধুই সৰলা পেহীৰ অনাথ আশ্ৰমলৈ যাবলৈ সাজু হ’ল।দেউতাকে সকলো বজাৰ – সমাৰ কৰি আনিলে।সৰলা পেহীলৈ ফোন কৰি আশ্ৰমৰ সদস্য সংখ্যাৰ জনাৰ লগতে পোন্ধৰ তাৰিখ তেওঁলোক যে আশ্ৰমলৈ যাব সেই কথাটোও জনাই থৈছিলে পখিলাই তেওলোকক কথাটো কোৱাৰ দিনাই।মাকে কেক্ৰ লগতে বহু কেইবিধ খাদ্যও তৈয়াৰ কৰিলে, আশ্ৰমৰ শিশু কেইটাৰ বাবে কাপোৰ- কানি অলপো কিনাৰ লগতে পখিলাৰ বাবেও এটা ধুনীয়া ফুটুকীয়া ফ্ৰক্। আইতাকে সকলোৰে বাবে পায়স বনালে।লগতে আশ্ৰমৰ শিশু কেইটাৰ বাবে ওচৰৰ দোকান এখনৰ পৰা অলপ কিতাপ – বহীও কিনি ল’লে।পখিলাৰ কথামতেই।

যথা সময়ত সকলো আশ্ৰমলৈ যাবলৈ সাজু হ’ল।ফুটুকীয়া ফ্ৰকটোৰে পখিলাক সঁচা পখিলা এজনীৰ দৰেই লাগিছিল। সৰলা পেহীৰ আশ্ৰমৰ শিশু সকলো পখিলা হঁতক আদৰিবলৈ সাজু হৈ আছিল।পখিলা হঁত গৈ পোৱা লগে- লগে সকলোৱে তাহাঁতক আদৰ সম্ভাষণ জনালে।অলপ পৰৰ পাছত সকলোৰে লগত পখিলাক চিনাকি কৰি দিলে।সৰলা পেহীয়ে।পখিলাৰ জন্মদিনটো এইবেলি দেওবাৰে পৰাৰ বাবে পেহীও সেইদিনা ঘৰতে আছিলে।আনদিনা পেহী ব্যস্ত। পেহীৰ স্কুল থাকে।তাৰোপৰি আশ্ৰমলৈ অনেক জন আহি থাকে।সকলো দায়িত্ব পেহীৰ ।পেহীয়ে অৱশ্যে ইমান ব্যস্ততাৰ মাজতো বৰ নিয়াৰিকৈ আশ্ৰম খন পৰিচালনা কৰিছে। গান- নাচ- পঢ়া- শুনা সকলোতে আশ্ৰমৰ শিশু কেইটি আগৰণুৱা। পেহীয়ে নিজেই গান শিকাই তেওলোকক। পখিলাৰ জন্মদিনৰ দিনাও শেশু কেইটিয়ে গান গালে, নাচিলে, কবিতা আবৃত্তি কৰিলে।পখিলাৰ জন্মদিনটো তেওঁলোকে বিশেষ কৰি তুলিলে।তেওঁলোকৰ লগত পখিলায়ো হেঁপাহৰ পাখি মেলি ভৰাই ল’লে মনৰ সুখ।সঁচাই পখিলা বৰ সুখী হ’ল ।জন্মদিনটো বিশেষ কৰি তোলাৰ বাবে তাই সৰলা পেহীৰ লগতে সকলোকে ধন্যবাদ জনালে।আবেলি চাৰি মান বজালৈ পখিলাহঁত আজৰি হ’ল। আহিবৰ পৰত তাইৰ মনটো দুখো লাগিল।কেনেকৈ এৰি থৈ যাব তাই এই নতুন বন্ধু সকলক।তথাপিও আহিবই লাগিব। তাই সকলোকে উদ্দেশ্য কৰি ক’লে, ” মই তোমালোকৰ ওচৰলে মা- দেউতাই সময় পালেই আহিম ।হ’ব নে?” সকলোৱে পখিলাৰ কথাত হাঁহি মাৰি মূৰ দুপিয়াই তাইলৈ এটা সৰু টোপোলা আগবঢ়াই দিলে।তাই আচৰিত হ’ল ।কি থাকিব পাৰে।আৰু তাতে তেওঁলোকেও প্ৰতি উপহাৰ দিব বুলি পখিলাই একবাৰেই ভবাই নাছিল যে।

পখিলাই ধন্যবাদ জনাই টোপোলাটো হাতত ল’লে।তাই আচৰিত হ’ল।এইয়া চোন ফুলৰ পুলি ।তাইৰ দুচকু আনন্দতে চলচলীয়া হৈ পৰিল।” ধন্যবাদ কিয় দিব লাগে পখিলা। তোমাৰ নাম পখিলা বাবে আমি তোমাক পুলৰ পুলি উপহাৰ দিছোঁ। তুমি আমাক ইমান মৰম দিছা, ইমান বোৰ বস্তু আনিছা। তাৰ তুলনাত এইয়া তেনেই সাধাৰণ পখিলা।”

“নহয়, নহয়! এইয়া এক অমূল্য উপহাৰ বন্ধু সকল”– দুচকু মোহাৰি- মোহাৰি পখিলাই কথা খিনি ক’লে।আচলতে তোমালোক আমাৰ পৰিৱেশৰো বন্ধু। বাৰু কোৱা চোন , এই পুলি কেইটা তোমালোকক কোনে আনি দিলে?” “কোনেও আনি দিয়া নাই পখিলা । অথনি যে তুমি দেখিছিলা সেইখন আমাৰেই ফুলনি পখিলা।আমি সকলোৱে মিলি ফুলনি খনৰ যত্ন লওঁ। আৰু আমাৰ আশ্ৰমলৈ আলহী আহিলে মৰমৰ চিন স্বৰূপে পুলি উপহাৰ দিওঁ। ” ” তোমালোক সঁচাই বৰ ধুনীয়া। মনেৰেও।নিশ্চয় পেহীয়ে এইবোৰ তোমালোকক আনি দিয়ে ন ।” ” নহয় পখিলা, তোমালোকৰ দৰে যি সকল ব্যক্তি আমাৰ আশ্ৰমলৈ আহে সেই সকলে অনা ফুল- আৰু ফলমূলৰ গুটিৰ পৰাই আমি এই পুলিৰ সৃষ্টি কৰোঁ। পেহীৰ কথামতেই আমি এই কাম কৰোঁ পখিলা। আজি যেনেকৈ চাহ- পানী খোৱা প্লাষ্টিকৰ গিলাছ বোৰ অথনি আমি বুটলি থকা দেখিছিলা তেনেদৰে আন দিনাও আমি লগে- লগেই বুটলি পেলাও।সেইবোৰতেই আমি গুটিবোৰ পচাও । এনে কৰাৰ ফলত আশ্ৰম খনো ধুনীয়া হৈ থাকে আৰু ধুনীয়া হৈ থাকে আমাৰ পৰিবেশো।”

পখিলাই ইমান দিনে নভবা কথা এটা আশ্ৰমৰ শিশু সকলৰ পৰা শিকিব পাৰিলে।তাই অতিকে আনন্দিত হ’ল। ” কেৱল পাঁচ জুন আৰু জন্মদিনত হে গছপুলি ৰোৱা হয় বুলি মই জানিছিলো। আজি ৰাতিপুৱা মই এজোপা ৰুই আহিছোঁ। কিন্তু আজিৰ পৰা ময়ো তোমালোকৰ দৰে ঘৰলৈ অহা আলহীক পুলি উপহাৰ দিম আৰু সেই পুলি ময়ো নিজে ঘৰতে সৃষ্টি কৰিম।”

“কথাতে কয় নহয় পখিলা। ‘মধুৰেণ সমাপয়েৎ’। আমাৰ দিনটোৰ আটাইতকৈ মধুৰ ক্ষণ এইটোয়েই। হ’ব পখিলা ।তোমাৰ এই কামত ময়ো সহায় কৰিম। এতিয়া মধুৰ মানে মিঠা মানে মই বনোৱা পায়স খাই সকলোৰে পৰা বিদায় লওঁ আহা।ঘৰলৈ গৈ পুলি পচোৱাৰ কাম আছেই নহয়। “– আইতাকে বনোৱা পায়স খাই-খায়েই পখিলাই সৰলা পেহীৰ লগতে সকলোকে পুনৰ ধন্যবাদ জনাই গাড়ীত বহিলেহি।

ঘৰলৈ আহিয়েই পখিলাই আইতাকৰ লগলাগি উপহাৰ হিচাপে লাভ কৰা পুলি কেইটা ৰোৱাৰ লগতে ফলমূলৰ পুলি পচালে।” আইতা , যীশৰ জন্মদিনৰ দিনা মই বাৰু পুলি উপহাৰ দিব পাৰিম নে ওচৰ- পাজৰৰ সকলোকে। ” “পাৰিবা পখিলা।গজালি মেলিব কিজানি তেতিয়ালৈ।নতুন বছৰৰ দিনাটো পাৰিবা।সকলোকে পুলি উপহাৰ দিব।তেতিয়ালৈ আৰু অলপ ডাঙৰ হ’ব।আমাৰ ভোগালীৰ সময়লৈ আৰু অলপ ডাঙৰ হ’ব গৈ।সেইদিনাও দিব পাৰিবা উপহাৰ। ” আইতাকৰ কথাত পখিলা বৰ সুখী হ’ল।”আইতা, তুমি মোৰ মনৰ সকলো কথাই বুজি পোৱা ন আইতা। সেই কাৰণেই তুমি মোৰ বেষ্ট ফ্ৰেন্ড
। ” — আইতাকক ডিঙিত পিছফালৰ পৰা ওলমি পখিলাই দুটা চুমা দিলে আৰু ক’লে,” আজি আশ্ৰমৰ বন্ধু সকলৰ পৰা এটা নতুন ভাল কথা শিকিলো আইতা।মদি যীশুৰ ওপজা দিন, নতুন বছৰৰ দিনা আৰু ভোগালীত আমাৰ ওচৰ- চুবুৰীয়াক দিওঁ সকলোৱে কিমান ভালপাব ন। আমাৰ মোক দেখি আৰু দুজন মানে হয়তো এই কাম কৰিম ।আৰু এনেদৰেই আমাৰ পৰিবেশ সুৰক্ষিত হ’ব ন আইতা!” “অ’ পখিলা , তুমি ঠিক কথাই কৈছা। তোমাৰ ভাল কাম বোৰেৰে আমাৰ পৃথিৱী এনেদৰেই শুৱনি আৰু সেউজীয়া কৰি তোলা ।জন্মদিনৰ দিনা এয়ে মোৰ তোমালৈ অন্তৰ ভৰা আশীৰ্বাদ। ” পখিলাই ৰাতিপুৱাৰ দৰে এতিয়াও আইতাকক ভৰিত ধৰি সেৱা এটা কৰিলে আৰু ক’লে,” আইতা, আজিৰ জন্মদিনটো মোৰ বাবে বিশেষ আৰু আমি মই তোমাক কথা দিলোঁ আইতা।ময়ো গ্ৰেটা থুনবাৰ্ৰগৰ দৰে হ’ম।আমাৰ পৰিবৰ কাৰণে কাম কৰিম।আমাৰ পৃথিৱী খন আকৌ সেউজীয়া কৰি তুলিম।” ” পখিলা, তুমি সঁচাই বৰ ধুনীয়া পণ লৈছা।এয়ে হওঁক আমাৰ পখিলাৰ ফুটুকীয়া পাখিৰ ৰঙ।আমি সদায়ে তোমাৰ সাৰথি হৈ আছোঁ পখিলা।” — পখিলাৰ মূৰত হাত ফুৰাই সাৱটি লওঁতেই পখিলাৰ মনটো উৰি গৈ পৰিলেগৈ তাইৰ কল্পনাৰ ৰাজ্যত। য’ত অগণন সেউজীয়াৰ মাজত নাচি আছে কণমানি পখিলাই পাখিলাহী পাখি দুখন আনন্দতে মেলি- মেলি ।আৰু য’ত পদ্মশ্ৰী যাদৱ পায়েং ককাই পখিলাক দিছে আছে সাহসী হোৱাৰ , সেউজীয়া হোৱাৰ আশীৰ্বাদ ..।

গায়ত্ৰী দেৱী বৰঠাকুৰ
 তেজপুৰ, শোণিতপুৰ