কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট
ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয়ৰ সকলো কৰ্মচাৰীয়ে চৌহদৰ ভিতৰত মুখ্যদ্বাৰৰ সন্মুখত বহি নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত আজি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে৷ এই কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সভাপতি অপূৰ্ব শৰ্মা, সম্পাদক চন্দ্ৰধৰ দাস, সদস্য গুনিন কলিতা,ৰাজীৱ আলীৰ লগতে প্ৰায় ৫০ জন মান কৰ্মচাৰী উপস্থিত থাকে৷