কংগ্ৰেছ ত্যাগৰ ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক-মুখপাত্ৰ ভাস্কৰ দাহালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ ত্যাগৰ ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক,মুখপাত্ৰ ভাস্কৰ দাহালে৷ দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰি এইদৰে ঘোষণা কৰে ভাস্কৰ দাহালে৷তেওঁ প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়-কংগ্ৰেছত পূৰ্বৰ আদৰ্শ নাই৷কোটি টকা নিদিলে কংগ্ৰেছত টিকট নাপাই৷কংগ্ৰেছ দলত মোৰ দৰে সাধাৰণ মানুহ তিষ্ঠি থাকিব নোৱাৰে৷মহাত্মা গান্ধীৰ দিনৰ জাতীয় কংগ্ৰেছ এতিয়া নাই৷নিৰ্বাচনৰ সময়ত টিকট দিয়াৰ ক্ষেত্ৰত কিমান টকা আছে বিচাৰ কৰি টিকট দিয়ে৷লোকসভা নিৰ্বাচনত তেজপুৰত এম জি ভি কে ভানুক ধনৰ বিনিময়ত টিকট দিছিল কংগ্ৰেছে৷বিৰোধী দলপতি হিচাপে দেৱব্ৰত শইকীয়া পিতৃৰ ভূমিকা পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছে৷যাৰ বাবে পিতৃৰ ভূমিকাত অসন্তুষ্ট হৈ সন্তানৰূপী কংগ্ৰেছৰ বিধায়কে দল ত্যাগ কৰিছে৷কংগ্ৰেছে গোৰ্খাক দলত এলাগী কৰিছে৷ভৱিষ্যতে কংগ্ৰেছৰ পৰা বিধায়ক আৰু সাংসদ হোৱাৰ পৰিৱেশ নাই৷মণি কুমাৰ চুব্বাৰ পাছত কোনো গোৰ্খা লোকক কংগ্ৰেছে টিকট দিয়া নাই৷কংগ্ৰেছত নিমিলা অংক বেছি যাৰ বাবে কাৰো লগত মিত্ৰতা টিকি থাকিব নোৱাৰে৷বিটিচিত কংগ্ৰেছক শেষ কৰিলে একাংশ কংগ্ৰেছ নেতৃত্বই৷যি তামুলপুৰ সমষ্টিত কংগ্ৰেছৰ ভেটি নাছিল তাত মোক প্ৰাৰ্থী দিছিল উপ নিৰ্বাচনত৷সাধাৰণ নিৰ্বাচনত টকা দিব নোৱাৰা বাবে টিকট নিদিলে৷বৰ্তমান কংগ্ৰেছত বহু লবী আছে,কিন্তু মই কোনো লবীত নাছিলো বাবে তিষ্ঠিব পৰা নাই৷লোকসভা নিৰ্বাচনৰ সময়ত হৰিশ ৰাৱাত পৰ্যবেক্ষক হিচাপে থাকোতে টিকটৰ বাবদ কোটি টকা বিচাৰিছিল৷বিধানসভাৰ উপ নিৰ্বাচনৰ সময়ত টিকটৰ বাবদ পঞ্চাশ হাজাৰ টকা দিছো৷সেই সময়ত এ আই চি চিৰ সাধাৰণ সম্পাদক পৃথ্বি ৰাজ স্বাৰ্থে ৩০ লাখ টকা মোক দেখুৱাবলৈ কৈছিল৷যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত,সেই সময়ৰ এ পি চি চিৰ সভাপতি ৰিপুন বৰাৰ অৱস্হা পঞ্চায়ত সভাপতিৰ দৰে হৈছিল৷তেওঁ সংবাদ মেলত পুনৰ কয়- এসময়ত গোৰ্খা সম্প্ৰদায়ৰ পৰা জাতীয় কংগ্ৰেছৰ দলত অসমত পাঁচ জন বিধায়ক আৰু এজন সাংসদ আছিল কিন্তু আজিৰ নেতৃত্বই এজন সাংসদত গোৰ্খাক শূন্য কৰি বিধানসভা নিৰ্বাচনতো এজনকে প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ ধৰিছে৷এই কাম কৰি কংগ্ৰেছে গোৰ্খাক চৰমভাৱে অন্যায় কৰিছে৷যাৰ বাবে আজি মই কংগ্ৰেছৰ নীতি আদৰ্শত নিষ্ঠাবান কৰ্মীৰ ভৱিষ্যৎ অন্ধকাৰ দেখি জাতীয় কংগ্ৰেছ দল ত্যাগ কৰিলো৷