কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু

কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এগৰাকী কংগ্ৰেছ কৰ্মীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন চলো শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ মাজতে এগৰাকী কংগ্ৰেছ কৰ্মী নিহত। নিহত কংগ্ৰেছ কৰ্মীগৰাকী অধিবক্তা মৃদুল ইছলাম। কংগ্ৰেছৰ আইনী কোষৰ নেতা আছিল মৃদুল ইছলাম।উল্লেখ্য যে, গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছে ‘এক দেশ, এক নিৰ্বাচন’কে ধৰি একাধিক দাবীৰে ৰাজভৱন চলো কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল। আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত আহত হৈছিল মৃদুল ইছলাম। মৃদুলৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। আহত মৃদুল ইছলামক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় যদিও হাস্পতালত মৃত্যু হয় লোকজনৰ। এই হতাহতিত বহু কংগ্ৰেছ কৰ্মী আহত হোৱাৰ লগতে বাতৰি সংগ্ৰহৰ বাবে যোৱা কেইবাজনো সংবাদ কৰ্মীও আহত হয়।  আহত কংগ্ৰেছ কৰ্মীসকলক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল। ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক গ্ৰেপ্তাৰ কৰিছে।