ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত নিহত বনকৰ্মী

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত নিহত বনকৰ্মী

ৰঙিলী বাৰ্ত্তাসেৱা-  ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ বুধবাৰে সন্ধিয়া উদ্যানখনত তহল দি থকা সময়ত হঠাৎ প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে চোঁচৰাই নিলে এজন গৃহৰক্ষী জোৱানক। সহকৰ্মীৰ সৈতে তহল দি থকা অৱস্থাত বাঘে ৰাইফল সহ টানি জংগললৈ লৈ যায় ধনমনি ডেকা নামৰ জোৱানজনক।লগে লগে গৃহৰক্ষী জোৱানজনৰ সন্ধানত উদ্যান কর্তৃপক্ষই অভিযান আৰম্ভ কৰে।সন্ধিয়া সংঘটিত ঘটনাটোৰ পিছত নিশাৰ ভাগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাঁহিবাৰী শিৱিৰৰ কিছু নিলগত বন বিভাগে উদ্ধাৰ কৰে জোৱানজনৰ মৃতদেহ ৷ উল্লেখ্য যে,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী ধনমনিৰ ঘৰ মঙলদৈৰ খটৰা সত্ৰৰ সমীপৰ নগাঁও-হাটীমাৰাত।