ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণৰ শিলান্যাস
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজ মিচনেৰীৰ বদন্যতাই স্পৰ্শ কৰি যোৱা ১৯১৮ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ পৰাই অনেকজনে সংস্কৃতি বৰঘৰত নাম খোদিত কৰাৰ উপৰি এসময়ত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনতো এই নাজিৰা নাট্য মন্দিৰৰ অৱদান চিৰ অতুলনীয় । ১০৬ টা বৰ্ষ গৰকা এই নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণ এখনৰ অভাৱ অনুভৱ কৰি আহিছে সাংস্কৃতিক সমাজখনে । অৱশেষত প্ৰায় তিনিটা দশকৰোধিক কাল নাজিৰা নাট্য সমিতিৰ সভাপতি পদত অধীস্থিত থকা নাজিৰা খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰাক্তন অধ্যক্ষ, প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ভাতৃ টংকেশ্বৰ ( টুনী ) শইকীয়াৰ সোৱঁৰণত তেখেতৰ সহধৰ্মীনি ঊষা শইকীয়া আৰু জ্যেষ্ঠ পুত্ৰ পলাশ পৱন শইকীয়াৰ বদান্যতাৰে নাজিৰা নাট্য মন্দিৰৰ এখনি স্থায়ী তোৰণ স্থাপিত কৰাৰ পৰিকল্পনাৰে ৯ ফেব্ৰুৱাৰীত এই তোৰণখনিৰ শিলান্যাস কৰা হয়। আয়তীৰ উৰুলীৰ মাংগলিক পৰিৱেশেৰে তোৰণ খনিৰ শিলান্যাস কৰে নাজিৰা নাট্য সমিতিৰ সভাপতি – লোকধিবক্তা তথা একালৰ সুপ্ৰতিষ্ঠিত অভিনেতা গোবিন্দ প্ৰসাদ ৰামৰ লগতে একালৰ বিশিষ্ট অভিনেতা নাজিৰা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ চৈয়দ মবিদুল ইছলামে । নাজিৰা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি আব্দুৰ ৰহমানে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীদ্বয় ৰাজীৱ বৰা, দিলীপ দাস, নাট্য সমিতিৰ সাধাৰণ সম্পাদক ধীৰু ভূঞা , প্ৰশেনজিৎ বৰুৱা , ৱাহিদা তাজ, নিৰুপমা দত্ত আদিকে ধৰি ভালে সংখ্যক সংস্কৃতিৱান ব্যক্তি উপস্থিত থাকি তোৰণৰ শিলান্যাস অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্ধন কৰে।