ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভা উন্নীত পৌৰনিগমলৈ

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভা উন্নীত পৌৰনিগমলৈ, ডিব্ৰুগড় পৌৰনিগমৰ প্ৰথমখন পাৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- ডেৰশ বছৰতকৈও অধিক পুৰণি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভা আনুষ্ঠানিকভাৱে ডিব্ৰুগড় পৌৰনিগম হিচাপে পৰিগণিত হ’ল। ডিব্ৰুগড়ত কেন্দ্ৰীয়বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়  পৌৰনিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে পাৰিষদসকলে শপত গ্ৰহণ কৰে।উল্লেখযোগ্য যে- গুৱাহাটী পৌৰনিগমৰ পাছতেই ডিব্ৰুগড় পৌৰনিগম ৰাজ্যৰ দ্বিতীয় পৌৰনিগম হিচাপে পৰিগণিত হৈছে।সৰ্বানন্দ সোণোৱালে শপত গ্ৰহণ কৰা প্ৰতিজন পাৰিষদক অভিনন্দন জনায় আৰু কয়, “ডিব্ৰুগড়ৰ পৌৰসভাৰ ইতিহাস ডেৰশ বছৰতকৈও অধিক পুৰণি।এই সময়ছোৱাত ডিব্ৰুগড়ৰ সৰ্বাংগীণ উন্নয়নৰহকে পৌৰসভাই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।এতিয়া ডিব্ৰুগড় পৌৰসভা পৌৰনিগমলৈ উন্নীত হ’ল।গতিকে ঐতিহাসিক চহৰখনৰ প্ৰতি পৌৰনিগমৰ দায়িত্ব ক্ষিপ্ৰতৰ হ’ব।মোৰ দৃঢ় বিশ্বাস- ডিব্ৰুগড় পৌৰনিগমে ডিব্ৰুগড় চহৰৰ সৰ্বাংগীণ উন্নয়নৰ হকে নিষ্ঠাৰে কাম কৰি যাব আৰু ডিব্ৰুগড়ক অসমৰ এখন জাকত-জিলিকা চহৰ হিচাপে গঢ়ি তুলিবলৈ ন ন পদক্ষেপ হাতত ল’ব।” ডিব্ৰুগড় পৌৰনিগমৰ নতুন কাৰ্যালয় ভৱনৰো শুভ উদ্বোধন কৰে কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ  সোণোৱালে। সোণোৱালে লগতে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায়েই তৃণমূল পৰ্যায়ৰ পৰাই গণতান্ত্ৰিক পৰিকাঠা মোক সুদৃঢ় কৰাত গুৰুত্বদিআহিছে। ডিব্ৰুগড় পৌৰনিগমেও এইক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে এই দিশত যথাসম্ভৱ সকলো সহযোগিতা আগবঢ়োৱা হ’ব আৰু বিভিন্ন পদক্ষেপ লোৱা হ’ব।” কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালৰ সৈতে লগতে উপস্থিত থাকে কেন্দ্ৰীয় প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, স্থানীয় বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।