ঐতিহাসিক চৰাইচোঙক বিশ্ব পক্ষী পৰ্যটনৰ অন্তৰ্ভুক্ত কৰক
“মাজুলীৰ সাহিত্য” ; চৰাইচোঙলৈ কমলাবাৰীৰ পৰা দীঘলীয়া ৰেলীঃ
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি মাজুলীস্হিত ঐতিহাসিক চৰাইচোঙক সুৰক্ষা আৰু পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্তৰ দাবী জনাই মাজুলীৰ বিভিন্ন দল সংগঠন আৰু সচেতন ৰাইজৰ এক দীঘলীয়া গাড়ী- বাইকৰ ৰেলীৰে আজি কমলাবাৰী চাৰিআলিৰ পৰা চৰাইচোঙত উপস্থিত হৈ এখন ৰাজহুৱা সভাত মিলিত হয়। “মাজুলীৰ সাহিত্য”ৰ মুখ্য উপদেষ্টা দিলীপ কুমাৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাই দুটা প্ৰস্তাৱ গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰীলৈ জিলা আয়ুক্তৰ যোগেদি পঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। চৰাইচোঙক পক্ষী পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰা আৰু মাজুলীৰ সাহিত্যৰ উদ্যোগত প্ৰতিবছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ৱলগীয়া ” চৰাইচোং উৎসৱক” পৰ্যটন কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰি পৃষ্ঠপোষকতা কৰিবলৈ চৰকাৰক দাবী জনাই উক্ত দুয়োটা প্ৰস্তাৱত । সভাত ‘মাজুলীৰ সাহিত্য’ৰ সভাপতি কমল দত্তই উক্ত প্ৰস্তাৱ পাঠ কৰাৰ লগতে মাজুলীৰ সাহিত্যই ২০২৫ বৰ্ষত ৰূপায়ন কৰিবলগীয়া কৰ্ম আঁচনি ব্যক্ত কৰে। সভাতেই সভাপতি গৰাকীয়ে মণিকাঞ্চন মিলন ক্ষেত্ৰৰ বিষয়ত নাৰায়ণপুৰৰ দুজনমান ব্যক্তিয়ে ইতিহাস বিকৃত কৰা বিষয় উপস্থাপন কৰে। ৰাজহুৱা সভাই কেওটা প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে মণিকাঞ্চন মিলন ক্ষেত্ৰ বিষয়ত কোনো আপোচ নকৰিবলৈ মাজুলীৰ সাহিত্যক পৰামৰ্শ দিয়ে আৰু এইক্ষেত্ৰত ৰাইজে পূৰ্ণ সহযোগিতা আগবঢ়াব। উল্লেখযোগ্য , চৰাইচোঙক মাজুলীত অৱস্থিত এচিয়া মহাদেশৰ প্ৰথমখন সংৰক্ষিত পক্ষী নিবাস ৩৯১ বছৰত উপনীত হোৱাৰ পিছতো পৰ্যটন মানচিত্ৰত ইয়াৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । “মাজুলীৰ সাহিত্য ” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্বত আজি ১২ জানুৱাৰীত চৰাইচোঙক পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ দাবীত মাজুলীৰ কমলাবাৰীৰ পৰা এক যাত্ৰা চৰাইচোঙলৈ আৰম্ভ হয়। মাজুলীৰ বিভিন্ন দল সংগঠন আৰু সচেতন লোকৰ স্বেচ্ছামূলক অংশ গ্ৰহণেৰে আৰম্ভ হোৱা এই যাত্ৰা দিনৰ ১২-৩০ বজাত আৰম্ভ হৈ ৰাৱনাপাৰা, বনগাঁও , ৰতনপুৰ হৈ চৰাইচোঙত উপস্থিত হয়।
বৰ্তমান চৰাইচোঙত বিচৰণ কৰি থকা লক্ষাধিক পৰিভ্ৰমী পক্ষীৰ মাজত দলটোৱে চৰাইচোঙৰ বৰ্ণিল প্ৰাচুৰ্যত বিভোৰ হৈ পৰে। দলটোত যদু কলিতা, যতিন মুদৈ, জয়ন্ত শইকীয়া, দীপপৱন বৰা, জনগোষ্ঠীয় নেতা সমাজকৰ্মী ৰঞ্জিত দলেৰ নেতৃত্বত সোণজ্যোতি পামেগাম, অনিল পামেগাম , বিনীতা পামেগাম, মঞ্জুলা পায়েং , ৰাজু পায়েং, ভাস্কৰজ্যোতি কুটুম, অনন্ত ঙাটে, অভিজিত পামেগাম, জিন্তিমণি পামেগাম , গড়মূৰৰ পৰা অনিল শইকীয়া, যাদৱ বৰা, ৰাণু ওজা শইকীয়া, কমলাবাৰীৰ পৰা অৰুণ কুমাৰ পাঠক, কিশোৰী মোহন পাল, জিন্তুমণি দুৱৰীয়া, দিলীপ বৰা, গুণ শইকীয়া, ভৰত দত্ত, মিনু ভুঞা , ড০ ৰাজেন বৰা, ধীৰেন্দ্ৰনাথ ডেকা , মৃগেন বৰা, বলোৰাম বৰা, ৰাৱনাপাৰাৰ পৰা লোহিত শইকীয়া , বিনোদ দাস, গায়নগাঁৱৰ পৰা জয়ন্ত মাধৱ কলিতা, নৃপেন খাউণ্ড আদি বহু ব্যক্তি উপস্থিত হয়। দলটোক চৰাইচোং পথাৰৰ পৰা মাজুলীৰ সাহিত্যৰ হৈ দিলীপ কুমাৰ ফুকন আৰু সম্পাদক গোবিন কুমাৰ খাউণ্ড আৰু দুৰ্গেশ্বৰ শইকীয়াই আদৰি নিয়ে। সভাত স্থানীয় ৰাইজৰ পৰা দুলাল বৰুৱা, জীৱন চন্দ্ৰ শইকীয়া, বিপিন হাজৰিকা, মানস জ্যোতি বৰুৱা আদি বহুলোকে অংশগ্ৰহণ কৰে। সভাই আন এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ মাজুলী- যোৰহাট সংযোগী নিৰ্মীয়মান দলংখনৰ নামকৰণ “মণিকাঞ্চন সংযোগ সেতু ” হ’ব লাগে বুলি চৰকাৰৰ ওচৰত মাজুলীৰ সাহিত্যক দাখিল কৰিবলৈ আহ্বান জনায়। সভাত শলাগৰ শৰাই আগবঢ়াই সম্পাদক গোবিন কুমাৰ খাউণ্ডে অহা ডিচেম্বৰত চৰাইচোঙ উৎসৱৰ পূৰ্বে অহা ২২ আৰু ২৩ মাৰ্চত চৰাইচোঙত প্ৰথমবাৰলৈ মাজুলীৰ সাহিত্য উৎসৱো আয়োজন কৰাৰ কথা ঘোষণা কৰি ৰাইজৰ সহায় সহযোগ কামনা কৰে। সেই উৎসৱৰ প্ৰথমদিন তৰুণ চন্দ্ৰ পামেগামৰ জন্ম শতবৰ্ষ উদযাপন আৰু দ্বিতীয় দিনা মাজুলীৰ লেখক- সাহিত্যিকৰ সমাৱেশ ৰূপে পালন কৰা হ’ব বুলি ঘোষণা কৰে।