ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী

ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিশ্ব দৰবাৰলৈ  ঝুমুৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া জাতীয় জীৱনৰ অভিন্ন অংগ চাহ জনগোষ্ঠীৰ লোকসকলৰ স্বাভিমান ঝুমুৰ প্ৰতিষ্ঠিত হ’ল বিশ্ব দৰবাৰত। ৮,৮৮৮ চাহ জনগোষ্ঠীৰ শিল্পীয়ে সৰুসজাই ক্রীড়া প্ৰকল্পৰ এথলেটিক ষ্টেডিয়ামত প্ৰদৰ্শন কৰা ঝুমুৰ উপভোগ কৰি আন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী। ঢোল, মাদল, ধামচা, বাঁহীৰ শব্দৰে গুৱাহাটী মহানগৰীৰ আকাশ-বতাহ মুখৰ হৈ পৰিল। ৰঙা পাৰীযুক্ত বগা ৰঙৰ শাড়ী আৰু পৰম্পৰাগত অলংকাৰ পৰিহিত নাচনীৰ নৃত্যত এথলেটিক ষ্টেডিয়ামৰ সেউজ ঘাঁহনিত বিনন্দীয়া পৰিৱেশৰ সূচনা হয়।

মন্ত্রমুগ্ধ হৈ ৰয় ষ্টেডিয়ামৰ গেলেৰীৰ পৰা ঝুমুৰ উপভোগ কৰা সহস্রাধিক দর্শক। ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান বৃহৎ সফলতাৰে অনুষ্ঠিত হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শিল্পীসকলে চাহ জনগোষ্ঠীৰ বিনন্দীয়া সংস্কৃতি ঝুমুৰ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। বিগত প্রায় এমাহজোৰা প্ৰস্তুতিৰ অন্তত সফলতাৰে অনুষ্ঠিত হোৱা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ জৰিয়তে জাতীয় জীৱনৰ স্পন্দন বিহুৰ পাছত লোকনৃত্য ঝুমুৰক বিশ্ব দৰবাৰত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই বিশেষ অনুষ্ঠানৰ বাবে যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পত চূড়ান্ত অনুশীলন আৰম্ভ হৈছিল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীলৈ অহা শিল্পীসকলে বিশেষজ্ঞ আৰু মাষ্টাৰ ট্ৰেইনাৰসকলৰ অধীনত ২১ ফেব্ৰুৱাৰীৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পত অনুশীলন আৰম্ভ কৰে। ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নিজেই উপস্থিত হৈ এই চূড়ান্ত অনুশীলন নিৰীক্ষণ কৰে, যাতে এই অনুষ্ঠান সুকলমে অনুষ্ঠিত হয়।

নির্ধাৰিত কাৰ্যসূচী অনুসৰি দুপৰীয়াৰ ভাগতে সৰুসজাই ক্রীড়া প্রকল্পত শিল্পীসকল সমবেত হ’বলৈ আৰম্ভ কৰে। পৰম্পৰাগত ৰঙা পাৰীযুক্ত বগা ৰঙৰ শাড়ী আৰু সীতাপাটী, হাচলি, ঝুমকা, চন্দ্ৰহাৰ, পঁয়ৰী আদি অলংকাৰ পৰিধান কৰি মহিলা শিল্পীসকল ঝুমুৰ নৃত্যৰ বাবে সাজু হয়। সেইদৰে পুৰুষসকলে ধুতী আৰু পাঞ্জাবী কুর্তা তথা কামিজ পৰিধান কৰি ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ বাবে এথলেটিক ষ্টেডিয়ামত সমবেত হয়। বিয়লিৰ ভাগৰ পৰাই তেওঁলোকে সৰুসজাই ক্রীড়া প্ৰকল্পৰ এথলেটিক ষ্টেডিয়ামত নৃত্য প্ৰদৰ্শনৰ বাবে নিজ নিজ স্থান গ্রহণ কৰে। সেই সময়তে প্রধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছত কিদৰে নৃত্য আৰম্ভণি হ’ব সেই সন্দৰ্ভত মাষ্টাৰ ট্রেইনাৰসকলে কেইবাবাৰো নির্দেশনা প্রদান কৰে। ইয়াৰ মাজতে অনুষ্ঠান উপভোগৰ বাবে গুৱাহাটীৰ লগতে ভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শকসকলে ষ্টেডিয়ামত প্ৰৱেশ কৰি গেলেৰীসমূহত আসন গ্রহণ কৰে। সকলোৱে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিলৈ অপেক্ষা কৰি ৰয়। সেইমৰ্মে বৰঝাৰ বিমানবন্দৰত বিশেষ বিমানেৰে অৱতৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোড শ্ব’ কৰি সন্ধিয়া প্রায় ৭ বজাত সৰুসজাই ক্রীড়া প্রকল্পত উপস্থিত হয়।

সৰুসজাই ক্রীড়া প্ৰকল্পৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ষ্টেডিয়ামৰ মূল গেটলৈকে সমগ্র পথছোৱাত বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্রদর্শনেৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰি অনা হয়। ইয়াৰ পাছতে তেওঁ ষ্টেডিয়ামত প্ৰৱেশ কৰে আৰু এখন বিশেষ বাহনত উঠি ষ্টেডিয়ামৰ চৌপাশে পৰিভ্ৰমণ কৰে। বিশেষ বাহনখনেৰে পৰা এই ভ্ৰমণৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁক সংগ দিয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে হাত জোকাৰি গেলেৰীত উপস্থিত থকা দৰ্শকৰ লগতে ঝুমুৰ নৃত্যৰ শিল্পীসকলৰ অভিবাদন গ্রহণ কৰে। এক উছৱমুখৰ পৰিৱেশৰ মাজেৰে ষ্টেডিয়ামৰ ফিল্ড বিশেষ বাহনেৰে পৰিভ্ৰমণ কৰি তেওঁ মূল মঞ্চত আসন গ্রহণ কৰে আৰু  উপস্থিত সকলোকে সম্বোধন কৰে। তেওঁৰ ভাষণৰ পাছতে মূল অনুষ্ঠান অনুষ্ঠিত হয়। অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ পূৰ্তি উদ্যাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰা এই বিশেষ অনুষ্ঠানৰ। অন্যতম আকৰ্ষণ ঝুমুৰ প্ৰদৰ্শনৰ লগে লগে দর্শকসকলৰ মাজত হৰ্যোল্লাসৰ সৃষ্টি হয়। ঝুমুৰ নৃত্যৰ পাছতে এক আকর্ষণীয় লেজাৰ শ্ব’ আৰু আতচবাজীও প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ পৰম্পৰাগত তথা অন্যান্য সাংস্কৃতিক অভিব্যক্তিৰে সমুজ্জ্বল ঝুমুৰ নাচ অসমৰ স্পন্দনশীল তথা প্রাণচঞ্চল লোকনৃত্যসমূহৰ অন্যতম। এই অনুষ্ঠানত কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰ, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী বিমল বড়া, ৰূপেশ গোৱালাৰ উপৰি ৬১খন ৰাষ্ট্ৰৰ ৰাষ্ট্রদূতসকলে অংশগ্রহণ কৰে।

লক্ষণীয় যে বিশ্ব অভিলেখৰ বাবে বিশাল পৰিসৰত বিহু নৃত্য অনুষ্ঠিত কৰাৰ সময়তে ৰাজ্য চৰকাৰে ঝুমুৰ নৃত্যৰ ক্ষেত্ৰতো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। সেই মতে আৰম্ভ হৈছিল ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ প্ৰস্তুতি। ইয়াৰ অংশ হিচাপে বাগিচাই বাগিচাই শিল্পী বাছনিৰ লগতে মাষ্টাৰ ট্রেইনাৰসকলক বিশেষ প্রশিক্ষণ প্রদান কৰাও হৈছিল। মাষ্টাৰ ট্রেইনাৰসকলক গুৱাহাটীৰ শিল্পগ্রামত বিশেষ প্রশিক্ষণ প্ৰদান কৰাৰ পাছত তেওঁলোকক জিলাই জিলাই প্ৰেৰণ কৰা হয়।

জিলাসমূহৰ শিল্পীসকলক মাষ্টাৰ ট্রেইনাৰসকলে পুনৰ মূল অনুষ্ঠানৰ প্ৰশিক্ষণ প্রদান কৰে। এই প্রশিক্ষণৰ অন্তত শিল্পীসকলক যোৱা ২০ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ লৈ অহা হয়। ২১ ফেব্ৰুৱাৰীৰ পৰা সৰুসজাই ক্রীড়া প্রকল্পত তেওঁলোকে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ চূড়ান্ত অনুশীলনত অংশ লয় আৰু  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত মূল অনুষ্ঠান পৰিৱেশন কৰি চাহ জনগোষ্ঠীৰ স্বাভিমান ঝুমুৰক আন এক অনন্য মাত্রা প্রদান কৰিলে। অনুষ্ঠানত ভাষণৰ অন্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চাহ জনগোষ্ঠীৰ অতি আদৰৰ ধামচা বজাই সকলোকে আপ্লুত কৰে।