এ.ডি.চি.ৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc- Facebook

এ.ডি.চি.ৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা  

অনলাইন বাৰ্ত্তাসেৱা- এ.ডি.চি.-ৰাজহ, চক্ৰ আৰু অন্যান্য সংলগ্ন বিষয়াসকলৰ দুদিনীয়া ৰাজ্যিক পৰ্যায়ৰ সন্মিলনৰ দ্বিতীয় দিনীয়া কাৰ্যক্ৰমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। লগতে তেওঁ ২ অক্টোবৰৰ পৰা মিছন বসুন্ধৰা ৰূপায়ণ আৰু প্ৰান্তীয় অঞ্চলত ইনফ্ৰা, জনশক্তি, ইণ্টাৰনেট সেৱা সম্পৰ্কীয় বিষয়সমূহৰ বিষয়ে আলোচনা কৰে। মিছন বাসুন্ধৰাৰ লক্ষ্য হৈছে চক্ৰ কাৰ্যালয়সমূহৰ কাম-কাজ স্বচ্ছ কৰা আৰু মানুহৰ বাবে ভূমি সম্পৰ্কীয় সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰা টো নিশ্চিত কৰা। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটো সময়মতে ৰূপায়ণৰ বাবে চক্ৰ বিষয়াসকলক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে। এই কাৰ্যক্ৰমত মন্ত্ৰী শ্ৰী জোগেন মোহনও উপস্থিত আছিল।

 

(RT)