এ ডি আৰ ই নিযুক্তি পৰীক্ষাৰ আৰ্হি সম্পৰ্কে পুনৰ বিবেচনা কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

PC - Deccan Herald

এ ডি আৰ ই নিযুক্তি পৰীক্ষাৰ আৰ্হি সম্পৰ্কে পুনৰ বিবেচনা কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা এইবাৰ লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল । এই ঘোষণাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।জনতা তথা নৱপ্ৰজন্মৰ মাজত ভীষণ প্ৰতিক্ৰিয়া দেখি মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো পুনৰ বিবেচনা কৰা হব বুলি বুধবাৰে ফেচবুক লাইভত ঘোষণা কৰে। তেওঁ কয় যে, এতিয়াও পৰীক্ষালৈ মাজত দুমাহতকৈ অধিক সময় বাকী আছে। গতিকে আমি ৰাইজৰ মাজত দেখা তীব্ৰ প্ৰতিক্ৰিয়াৰ অন্তত সিদ্ধান্ত লৈছো যে, বিষয়টো পুনৰ বিবেচনা কৰিম। পূৰ্বৰ পদ্ধতিতেই পৰীক্ষা হয়তো অনুষ্ঠিত কৰা হব। জনতা-জনাৰ্দনৰ মতক আমি সদায়েই অগ্ৰাধিকাৰ দি আহিছো। কিয়নো লাও সদায় পাতৰ তলত আৰু চৰকাৰ সদায় ৰাইজৰ তলত।৩০ নৱেম্বৰৰ ভিতৰত দিয়া হ’ব আনন্দৰাম বৰুৱা বঁটা। ৩০ নৱেম্বৰৰ ভিতৰত HSত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে পাব স্কুটী। উচ্চতৰ মাধ্যমিকত ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰয়ো পাব স্কুটী”।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  সামাজিক মাধ্যমত আন এক পোষ্টযোগে কয় যে, “ADRE পৰীক্ষাৰ আৰ্হি সলনি হোৱা আৰু তাৰ পৰা উদ্ভৱ হোৱা কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ ভিত্তিত আমি এই বিষয়টো পুনৰ বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমাৰ সিদ্ধান্তৰ বিষয়ে আমি অতি সোনকালে সকলোকে অৱগত কৰিম।”মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত স্বাভাৱিকতে উৎফুল্লিত হৈছে চাকৰি প্ৰত্যাশী প্ৰাৰ্থীসকল। কিয়নো পৰীক্ষালৈ মাত্ৰ দুমাহ থকা অৱস্থাত পৰীক্ষাৰ আৰ্হি সলনি হোৱাৰ কথাই বিমূৰত পেলাইছিল প্ৰাৰ্থীসকলক।