এসময়ত – মুন শৰ্মা

pc Pixels
চুটিগল্প…..
এসময়ত 
মুন শৰ্মা,লখিমপুৰ
দুপৰীয়া বাবেই নেকি ! ৰাস্তাত টোতত মানুহ প্ৰায় নাই। দুই এটা মানুহ ইফালে সিফালে অহা যোৱা কৰি থকা বাদে অন্য একো চকুত পৰা নাই। তাৰেই সুযোগ ললে চহৰ খনত কিছু দিন আগেই  আহি সৰু সুৰা কৈ চুৰ কৰি ফুৰা ডেকা ল’ৰাটোৱে।  হঠাৎ তাৰ আগত যোৱা মহিলা  জনী ফোনটো লৈ দৌৰ দিব ধৰিছিল তেনেতে মহিলা জনী মাত ….. এই খিনি ও লৈ যাওঁক।
কথাটো শুনি সি আচৰিত হ’ল ,জীৱনত এনেকুৱা মানুহ সি দেখা নাই চুৰ চুৰ বুলি উৎপাত কৰাৰ বিপৰীতে বাকী বস্তু খিনি ও লৈ যাব কৈছে। মনতে ভাবিলে নাই তাইৰ এইয়া কিবা চাল হ’ব ইয়াত ৰৈ থকা টো ভাল নহ’ব। সি আঁতৰি গল মহিলা জনীয়ে আকৌ কলে এইয়া লৈ যাওঁক কিন্তু সি ঘূৰি নাচালে।
সময় আবেলি চহৰৰ মুকলিত থকা জনপ্ৰিয় ধাবা খনতে একাপ চাহত চুমক দিলে সি।বেছ সুখী  মহিলা জনী পৰা  অনা ফোন টো দাম সি উলিয়ালে,সিফালে  ইমান সময় গণ্ডগোল একো নোহোৱাত সি নিচিন্ত হ’ল যে,পুলিচ তাৰ পাছত নাই কাৰণ তাৰ আচৰিত ফোন চহৰত পুলিচে কাক বিচাৰি আছে সেইয়া  সি কিবা নহয় কিবা প্ৰকাৰে  গম পায় থাকে।
বাৰিষাত সময় হোৱাৰ বাবে সুন্দৰ ফৰকাল দুপৰীয়া টোক উপলুঙা কৰি আবেলি সেই সময় খিনিতে  নামি আহিল এজাক বৰষুণ।সেই দুপৰীয়া গহীনতা ভাঙি আকৌ যি মানুহৰ আগমন হৈছিল চহৰ খনত সেয়া বৰষুণে আকৌ অন্ত কৰিব বাধ্য কৰিলে ।
চহৰ খন সৰু যদিও  এখন ধুনীয়া চহৰ। তাৰ বেছি দিন হোৱা নাই যদিও চহৰ খনৰ প্ৰেমত সি পৰিছে। তাতে আজি এজাক বৰষুণৰ ফলত চহৰ খনে যিটো ৰূপ কলে সেয়া সি বাৰুকৈয়ে আকৰ্ষিত হৈছিল।
হঠাৎ দেখিলে ৰাস্তাত সম মাজত এজনী ছোৱালী তিতি তিতি ৰৈ আছে। প্ৰথমে ভাবিছিল কোনোবা বৰষুণ প্ৰেমিক হ’ব পাৰে। কিন্তু চহৰৰ  মূল ৰাস্তা টোত বৰষুণত ফলত জন শূণ্য হোৱাৰ বাবে সুবিধা পায় গাড়ী বোৰে তীব্ৰ গতিত যোৱা লৈ চাই ভাবিলে এনেকৈ  হলে ছোৱালী জনী বিপদ হব।
ভাবিছিলহে মাত্ৰ, বিপৰীত দিশৰ পৰা এখন গাড়ীয়ে তাই খুন্দা মাৰিলে লগে লগে অলপ দুৰ তাই চিতিকি পৰিল। সি দৌৰ মাৰিলে।ওচৰত গৈ দেখিলে সি দুপৰীয়া যি জনী মহিলা ফোন চুৰ কৰিছিল সেই মহিলা জনী।
মানুহে কৈছে তাই নিজেই আহি গাড়ী আগত পৰি দিলে অমুক তমুক, বহুত কথা  চিঞৰ বাখৰ মাজতে তাৰ কাণত পৰিল মহিলা জনী জীয়াই আছে, কথা শুনিয়েই সি পলম নকৰি  তাইক মেডিকেল লৈ গল। চিকিৎসকে কলে  বছা আশা খুব কম। কিন্তু ঈশ্বৰৰ কৃপাত তাই বাচি আহিল।
এদিন কথা খিনি দি সুধি পেলালে মেডিকেল ত যে তাই কিয় এই কাম কৰিলে ।প্ৰথমে ক’ব বিচৰা নাছিল  কিন্তু শেষত সকলো কথা খুলি কলে । সি তাইক কথা দিলে সকলো সহায় মই কৰি দিম।
অশেষ চেষ্টা কৰিও সি সফল হ’ব নোৱাৰিলে। কোনো কাৰণতে তাইৰ মানুহ জনে তাইক গ্ৰহণ নকৰে। মহিলা জনী উদাস কৰুণ কাহিনীয়ে তাক আমনি কৰিব ধৰিলে এদিন সি তাইৰ তাইৰ মানুহ জনৰ কথা পাহৰি যাবলৈ কলে তাই গৰজি উঠিল, তাৰ কাষৰ পৰা আঁতৰি গুচি গ’ল।বহু সময় বিচাৰি নদীৰ ঘাটত তাইক লগ পায়, তাতেই তাইক কৈ দিলে সি মই চুৰ কিন্তু মোৰো এখন হৃদ়য় আছে বুজি পাও আপোনাৰ কথা কিন্তু আপোনাৰ কথাবোৰ শুনি জানি মই আজি সিদ্ধান্ত লৈছোঁ মই হ’ব বিচাৰোঁ আপুনি ভবা সেই বিশেষ মানুহ জন ।গতিকে আপুনি যদি বিচাৰে মই আপোনাৰ আজীৱন হৈ ৰম।
সেই দিনা  তাই একো কোৱা নাছিল কিন্তু লাহে লাহে তাইৰ বাবে এই চুৰ টোৱে কৰা সহায় মনত পেলাই তাই আবেগিক গৈ পৰিল, বিশ্বাস কৰিব চেষ্টা কৰিলে মই বিচৰা বিশেষ মানুহ জন হ’ব পৰা গুণ ইয়াৰ আছে।
সময় বাগৰি গ’ল, এদিন তাই নিজৰ আগৰ সিদ্ধান্ত বোৰ সলনি কৰিলে । তাই জীৱন উদযাপন কৰিব বিচাৰে  সুখ বোৰ শান্তি বোৰ লগত বিলীন হ’ব বিচাৰে সেইয়া মাত্ৰ এই চুৰ টোৰ লগত হে সম্ভৱ।
লাহে লাহে দুই তাইৰ সম্পৰ্ক মধুৰ হৈ উঠিল। আৰু এটা সময় আহিল আজীৱন নেৰা সম্পৰ্কত সাঙোৰ খাই পৰিল। এয়ে হৈছে এই উপন্যাস কাহিনী কথাটো কোৱাৰ লগে লগে হ’ল ঘৰ টোত উপস্থিত থকা বিধান সমাজ খনে হাত চাপৰি বজাই উত্তাল কৰি তুলিলে পৰিৱেশটো। তাকে দেখি এটা মিঠা হাঁহি মাৰিলে বৰ্তমানৰ প্ৰখ্যাত লেখক  এক সঁচা কাহিনী আলমত লিখা এইবাৰ বৰ্ষশ্ৰেষ্ঠ উপন্যাস এমুঠি মৰমৰ লেখক মিষ্টাৰ অজয় দুৱৰা আৰু  তেওঁৰ পত্নী অৰ্থাৎ কাহিনীটোৰ নায়িকা মিছ মনালিছা  দুৱৰা।অৰ্থাৎ সেই সময়ৰ চুৰটো আৰু সেই মহিলা জনী।