এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তদন্ত কৰিবলৈ দিল্লীত অসম আৰক্ষীৰ দল

এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তদন্ত কৰিবলৈ দিল্লীত অসম আৰক্ষীৰ দল

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী (এছআইটি) গোটে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ পাকিস্তানৰে সম্পৰ্কৰ তদন্ত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে।তদন্ত প্ৰক্ৰিয়াৰ অংশ হিচাপে এছআইটিৰ এটা তিনিজনীয়া দল নতুন দিল্লীত উপস্থিত হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰোজী কলিতাৰ নেতৃত্বত যোৱা এছআইটিৰ দলটোৱে নতুন দিল্লীৰ পৰাই এলিজাবেথ কলবাৰ্ণৰ পাকিস্তানৰ সৈতে থকা সংযোগ বিচাৰিব। বিশেষকৈ পাকিস্তানী স্নাগৰিক তথা চিৰবৈৰী ৰাষ্ট্ৰখনৰ পৰিকল্পনা আয়োগৰ প্ৰাক্তন উপদেষ্টা আলী তৌকিৰ শ্বেখৰ সৈতে তেওঁৰ কেনেধৰণৰ সম্পৰ্ক আছে, তাৰো অনুসন্ধান কৰিব এছআইটিয়ে। নতুন দিল্লী ভ্ৰমণৰ সময়ত আলী তৌকিৰ শ্বেখ আৰু এলিজাবেথ কলবাৰ্ণৰ মাজত কেনেধৰণৰ বাৰ্তালাপ হৈছিল বা আলী তৌকিৰ শ্বেখৰ বেচৰকাৰী সংস্থা ক্লাইমেট ডেভেলপমেন্ট এণ্ড ন’লেজ নেটৱৰ্ক দেশৰ ৰাজধানীত কিধৰণে সক্রিয় সেয়াও এছআইটিয়ে অনুসন্ধানৰ আওতালৈ আনিব। ইয়াৰ সমান্তৰালভাবে এছআইটিয়ে এলিজাবেথ কলবাৰ্ণৰ ভিছা-পাৰপত্ৰকে ধৰি সংশ্লিষ্ট নথি-পত্রসমূহ পৰীক্ষা কৰিব বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ পাকিস্তান তথা চিৰবৈৰী ৰাষ্ট্ৰখনৰ চোৰাংচোৱা সংস্থা আইএছআইৰে সম্পর্ক থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। অকল সেয়াই নহয়, ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তমর্মে যোবা ১৮ ফেব্ৰুৱাৰীত বেআইনী কার্যকলাপ প্রতিৰোধ আইনৰ অধীনত আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হয়। ইতিমধ্যে দেশৰ নিৰাপত্তাৰ বাবে অতি স্পৰ্শকাতৰ ৰূপে চিহ্নিত সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত চাৰিজনীয়া এছআইটিও গঠন কৰা হৈছে। এই এছআইটিত আছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জি কলিতা, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক প্রণবজ্যোতি গোস্বামী আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অতিৰিক্ত উপ-আযুক্ত মৈত্রেয়ী ডেকা।