এয়া ভালপোৱা নে ভাল লগা?- হাফিজ গিয়াছউদ্দিন আহমেদ

PC - JSTOR Daily
এয়া ভালপোৱা নে ভাল লগা? 
 হাফিজ গিয়াছউদ্দিন আহমেদ
ধূলা
প্ৰেম এক পবিত্র বাধোন। প্ৰেম অবিহনে জীয়াই থাকিবলৈ বহুত টান হৈ পৰে। ভাল লগাৰ পৰাই আৰম্ভ হয় ভালপোৱা। প্ৰকৃত ভালপোৱা হৃদয়ৰ নিভাজ কোণৰ পৰাই আৰম্ভ হয়। সেই ভালপোৱা হয়তো কোনোবা এজনে প্ৰকাশ কৰিব পাৰে হয়তোবা কোনোবা জনে প্ৰকাশ কৰিব নোৱাৰে। প্ৰকাশ কৰিব পাৰিলে যদি গ্রহণ কৰে তেতিয়া দুয়োৰে মাজত পবিত্র প্ৰেমৰ উদ্ভব হয়। আৰু যদি প্ৰকাশ কৰিব নোৱাৰে তেতিয়া হলে সেইয়া হব একপক্ষীয় ভালপোৱা। ভালপোৱা সকলোৰে জীৱনতেই উদ্ভব হয় কিন্তু কিছুমানে প্ৰকাশ কৰিব পাৰে কিছুমানে প্ৰকাশ কৰিব নোৱাৰে। বৰ্তমান সময়ৰ ভালপোৱাত স্বাৰ্থ জৰিয়ত হৈ আছে। প্ৰেম ভালপোৱাৰ পবিত্র বাধোনত অভিনয় হে কৰা পৰিলক্ষিত হয়। ভাল লগা মানেই প্ৰকৃত ভালপোৱা নহয়? ভালপোৱা মানেই প্ৰেম নহয়, আকৌ প্ৰেম মানেই শাৰীৰিক সম্পর্ক কৰা নো’বুজায়। প্ৰেম এক পবিত্র সম্পর্ক, প্ৰেম স্বৰ্গীয় অনুভূতি, প্ৰেম জীয়াই থকাৰ প্ৰেৰণা।  প্ৰেম হৃদয়ৰ পৰা হয়। প্ৰেমে নামানে কোনো বাধা বিঘ্নি। একপক্ষীয় ভালপোৱা (প্ৰেম) কেতিয়াও স্বাৰ্থক (পুৰণ) নহয় কিয়নো আপুনি যাক মনে প্রাণে বিচাৰিব সি বা তাই আপোনাক নিবিচাৰে  আপোনাক যিজনে মনে প্রাণে বিচাৰে আপুনি তাক কিন্তু নিবিচাৰে কিয়নো এয়াই হৈছে প্ৰকৃত প্ৰেমৰ অনুভূতি। প্ৰকৃত প্ৰেমে জীৱন সলনি কৰি দিব পাৰে। প্ৰেমে জীৱনৰ বাটত আগুৱাই যাবলৈ অনুপ্রাণিত কৰে যদি সেই প্ৰেম হৃদয়ৰ পৰা হয়। প্ৰেমে ৰোগ নিৰাময় কৰে সেই প্ৰেম যদি স্বাৰ্থ বিহীন হয়। নিপাত যাওক স্বাৰ্থপৰ প্ৰেম । জীয়াই থাকক প্ৰকৃত প্ৰেম।