এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন

এবিভিপি গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন

গুৱাহাটী,৪ ছেপ্টেম্বৰঃ বিশ্ববিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে মিলি প্ৰজ্বলন কৰিলে ৪৫৬ গজ বন্তি।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ উদ্যোগত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাব তিথি বিশ্ববিদ্যালয় কেম্পাচত অতি উলহ মালহেৰে পালন কৰা হয়। সন্ধিয়াৰ ভাগত উদযাপিত এই অনুষ্ঠানত মহাপুৰুষ জনাৰ ৪৫৬ সংখ্যক তিৰোভাব তিথি উপলক্ষে বিশ্ববিদ্যালয়ৰ মুকলি মঞ্চত ৪৫৬ গছি বন্তি প্ৰজ্বলন কৰাৰ লগতে নাম প্ৰসংগৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, কৰ্মচাৰীসকলৰ লগতে বিশ্ববিদ্যালয়খনৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ গুৰু জনাৰ তিৰোভাব তিথিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।