এবিভিপি আৰু সীমান্ত চেতনা মঞ্চৰ সীমা দৰ্শন যাত্ৰাৰ সামৰণি

এবিভিপি আৰু সীমান্ত চেতনা মঞ্চৰ সীমা দৰ্শন যাত্ৰাৰ সামৰণি
সামৰণি অনুষ্ঠানত অৱসৰ প্ৰাপ্ত লেফটেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ তত্বাৱধানত অনুষ্ঠিত “সীমা দৰ্শন যাত্ৰা”ৰ সফৰ সামৰণি পৰে। য’ত ১৩৯ গৰাকী কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে আৰু তাৰে ভিতৰত ৩২ গৰাকী ছাত্ৰী আছিল। দল সমূহে সীমান্তৱৰ্তী জিলা সমূহৰ গাঁৱত উপস্থিত হৈ তাত পৰিস্থিতি অধ্যয়ন কৰি অভিজ্ঞতা অৰ্জন কৰে। এই যাত্ৰাৰ সামৰণিত গুৱাহাটীত এক অভিজ্ঞতা কথন অনুষ্ঠানৰ অনুষ্ঠিত কৰা হয় য’ত বিশেষ ভাৱে উপস্থিত আছিল ভাৰতীয় সেনাৰ প্ৰাক্তন লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, এ বি ভি পি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনকে প্ৰমূখ্য কৰি বহুতো বিশিষ্ট অতিথি। এই সিমা দৰ্শন যাত্ৰাত মুঠ ১৫টা গোটতত ছাত্ৰ-ছাত্ৰী সকলে এই যাত্ৰাত অংশগ্ৰহণ কৰে। য’ত তিনিটা দলে ধুবুৰী, তিনিটা দল শ্ৰীভূমি, দুটা দল কাছাৰ, দুটা দল ওদালগুৰি আৰু এটাকৈ দল দক্ষিণ শালমাৰা, বাক্সা, তামুলপুৰ, চিৰাং আৰু কোকৰাঝাৰলৈ যায়।

এই যাত্ৰাত অংশলোৱা আটাইকেইজন ছাত্ৰ-ছাত্ৰীয়ে সীমান্ত অঞ্চলৰ গাঁৱৰ পৰিয়ালৰ সমূহৰ ঘৰত থাকি তাৰ অভিজ্ঞতা অৰ্জন কৰে। এই সীমা দৰ্শন যাত্ৰাত অংশ লোৱা দল সমূহৰ ১৫টা দলৰ নাম অসম তথা দেশৰ মহান ব্যক্তিৰ নামেৰে ৰখা হৈছিল। সীমান্ত দৰ্শন যাত্ৰাৰ খুদিৰাম বসু দলৰ সংযোজক তথা বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদকে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে “আমি সীমান্তৱৰ্তী গাঁও সমূহৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাইছো। কেৱল সীমান্তত থিয় হৈ ফেন্সিঙৰ ওচৰত খোজ কাঢ়িলেই আমাৰ মনটো উত্তেজনাৰে ভৰি পৰে। আজিও উন্নয়নৰ যাত্ৰাই সীমান্ত জিলা সমূহ ধুকি পোৱা নাই। পথ, বিদ্যুৎ, পানী, নেটৱৰ্ক, শিক্ষাৰ দৰে মৌলিক সা-সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে। বিদ্যাৰ্থী পৰিষদৰ মতে সীমান্ত সুৰক্ষাৰ দায়িত্ব কেৱল সেনাবাহিনীৰ ওপৰত নহয়, তাত বসবাস কৰা নাগৰিক আৰু সমগ্ৰ দেশৰ নাগৰিক সকলৰ বিশেষকৈ ছাত্ৰ যুৱক-যুৱতীসকলৰ কান্ধত বিশেষ দায়িত্ব আছে। এই যাত্ৰাত অংশ লোৱা ছাত্ৰ-ছাত্ৰীসকলে সীমান্তত নিয়োজিত বি এছ এফ আৰু সীমান্ত সুৰক্ষা বাহিনী (এছ এছ বি)ৰ সৈতেও আলোচনা কৰি তাত থকা প্ৰত্যাহ্বানসমূহ বুজিবলৈ চেষ্টা চলায়।