এবিভিপিৰ SEIL ২০২৫ যাত্ৰাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ

এবিভিপিৰ SEIL ২০২৫ যাত্ৰাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ
ভাৰত আৰু ভাৰতীয় সাহিত্য,বৈচিত্ৰতা, কলা-সংস্কৃতি, ৰীতি-নীতিৰ লগত চিনাকি কৰোৱাৰ লক্ষ্যৰে আৰম্ভ হ’ল ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা- অ:ভা:বি:প: ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় একাত্মতা বৃদ্ধিৰ বাবে ১৯৬৬ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে SEIL যাত্ৰা৷আন্তঃৰাজ্য ছাত্ৰ জীৱন দৰ্শন(SEIL) ৰ ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতাক ১৯৬৬ চনত অধ্যাপক শ্ৰী গিৰিৰাজ কিশোৰৰ সভাপতিত্বত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল । SEIL হৈছে ভাৰতৰ প্ৰতিজন শিক্ষাৰ্থীৰ মাজত একতাৰ অনুভূতি জাগ্ৰত কৰাৰ এক নম্ৰ লক্ষ্যৰে কাম কৰা এক ন্যাস । উত্তৰ-পূব ভাৰত আৰু বাকী ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই অনাৰ লক্ষ্যৰে এই ন্যাস আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য অনুসৰি,সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি ইয়াৰ বাৰ্ষিক অধ্যয়ন, ভ্ৰমণ আৰু সাংস্কৃতিক বিনিময় কাৰ্যসূচী পৰিচালনা কৰা হয় । যিয়ে ১৫০০ ৰো অধিক শিক্ষাৰ্থীৰ জীৱন স্পৰ্শ কৰিছে । কাৰ্যসূচীটোৰ আৰম্ভণিৰ পৰা কাৰ্যসূচীটোৰ দ্বাৰা ৩০০০ ৰো অধিক আয়োজক পৰিয়ালক স্পৰ্শ কৰা হৈছে ।উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান প্ৰদানৰ উদ্দেশ্যেৰে ১৯৬৬ চনতেই আৰম্ভ হোৱা SEIL কাৰ্য্যক্ৰমৰ অধীনত ২০২৫ বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ২৪০ গৰাকী জনজাতীয় ছাত্ৰ ছাত্ৰীক ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ গৈ এক শৈক্ষিক ভ্ৰমণৰ কৰোৱা হয়। ২০২৫ বৰ্ষৰ এই SEIL অৰ্থাৎ আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন প্ৰকল্পৰ আৰম্ভণি অনুষ্ঠান গুৱাহাটী মহানগৰীৰ নিকতৱৰ্তী কাঁহিকুচি স্থিত “ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান” চমুকৈ SIPRDত অনুষ্ঠিত হোৱাৰ পাছত জনজাতীয় ছাত্ৰ ছাত্ৰী সকল সৰ্বমুঠ ৮ টিকৈ দলত বিভক্ত হৈ নিজৰ নিজৰ দল অনুসৰি এই যাত্ৰাত অংশগ্ৰহণ কৰে । ২৩ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ১২ ফেব্ৰুৱাৰী ২০২৫ লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শৈক্ষিক ভ্ৰমণ কৰি পুন: তেওঁলোক গুৱাহাটীত উপস্থিত হয়। গুৱাহাটীত উপস্থিতিৰ পাছত আজি অৰ্থাৎ ১৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই SEIL কাৰ্যক্ৰমৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই সমগ্ৰ যাত্ৰাটোত তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি, খাদ্য,আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ বিষয়ে অৱগত হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰে। উল্লেখযোগ্য যে ১৯৬৬ চনতেই উত্তৰ পূব ভাৰতৰ লগত ভাৰতবৰ্ষৰ অনান্য প্ৰান্তৰ মাজত সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা ৰাষ্ট্ৰীয় একাত্মতা বৃদ্ধিৰ উদ্দেশ্যৰে প্ৰতি বছৰে এবিভিপিয়ে আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন অৰ্থাৎ SEIL কাৰ্যক্ৰমৰ আয়োজন কৰি আহিছে।ৰাতিপুৱা ৯:৩০ বজাৰ পৰা শ্ৰী শ্ৰী মাধবদেৱ প্ৰেক্ষাগৃহত অনুভৱ কথন কাৰ্যসূচী দুটা সত্ৰত অনুষ্ঠিত হয় । অনুভৱ কথন কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে শ্ৰী আশীষ চৌহান (ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক,অভাবিপ), শ্ৰী গোবিন্দ চন্দ্ৰ নায়ক (ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক),শ্ৰী কমলেশ সিং(ৰাষ্ট্ৰীয় সম্পাদক), ড° ৰীতামণি বৈশ্য(ৰাজ্যিক সভাপতি,অভাবিপ অসম প্ৰদেশ) , শ্ৰী ভগৱত সিং(SEIL Cordinator) । শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ চৌহান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্ত, এবিভিপিৰ ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন, অসম প্ৰদেশৰ সভাপতি ড° ৰীতামণি বৈশ্যকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট অতিথি। অনুষ্ঠানত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা দেৱে এই একাত্মতা যাত্ৰাক অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি এই যাত্ৰাই আমাক আমাৰ দেশ খনক আৰু অধিক বিস্তাৰিত ভাবে বুজি পোৱাত সহায় কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড‌° ননী গোপাল মহন্ত দেৱে ভাৰতবৰ্ষৰ ঐতিহ্য,পৰম্পৰা কথা উল্লেখ কৰি এই যাত্ৰাত অংশগ্ৰহণ কৰা সকলে এই ঐতিহ্যক ভালদৰে বুজি পোৱাৰ সুবিধা লাভ কৰিলে বুলি উল্লেখ কৰে লগতে শ্ৰী আশীষ চৌহান ডাঙৰীয়াই SEIL যাত্ৰা কাৰ্যসূচীৰ প্ৰাসংগিকতা তথা ইয়াৰ গুৰুত্বতা সম্পৰ্কে বিদ্যাৰ্থী সমাজৰ আগত অৱগত কৰায় । ভিন্ন ভাষা ভিন্ন বেশ তথাপিও আমাৰ এক দেশ শীৰ্ষক আপ্ত শ্লোগান ফাকিৰ তাৎপৰ্যতাৰ বিষয়ে উল্লেখ কৰে । শ্ৰী শ্ৰী মাধবদেৱ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনাদৰ্শনৰ প্ৰসংগ উল্লেখ কৰি বৈচিত্ৰময় ভাৰতবৰ্ষত ভাৰত কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ গাভীৰ্যতা এই যাত্ৰাৰ মাজেদি বিদ্যাৰ্থী সমাজক উদ্বুদ্ধ কৰোৱায় ।