এবিভিপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত গুৱাহাটী আৰু অসম বিশ্ববিদ্যালয়ৰ দুই সভাপতিক সম্বৰ্ধনা

এবিভিপিৰ ৰাষ্ট্ৰীয় অধিৱেশনত গুৱাহাটী আৰু অসম বিশ্ববিদ্যালয়ৰ দুই সভাপতিক সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় অধিবেশন ২২ নবেম্বৰৰ পৰা ২৪ নবেম্বৰলৈ গোৰখপুৰত অনুষ্ঠিত হৈ আছে। আজি অধিবেশনৰ দ্বিতীয় দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি মানস প্ৰতীম কলিতা আৰু অসম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি শুভম ৰয়ক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজচৰণ শ্বাহী আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডা° বীৰেন্দ্ৰ সিং সোলাংকীয়ে সন্মানীত কৰে। উল্লেখযোগ্য যে দুয়োগৰাকী ছাত্ৰ নেতাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে বিগত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হ’বলৈ সক্ষম হৈছিল। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ডা° বীৰেন্দ্ৰ সিং সোলাংকীয়ে দুয়োগৰাকী ছাত্ৰ নেতাক সম্বৰ্ধনা জনাই দুয়োগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে তেওঁ আগন্তুক সময়ত দুয়োগৰাকী ছাত্ৰ নেতাৰ নেতৃত্বত দুয়োখন বিশ্ববিদ্যালয়ে এক নতুন গতি লাভ কৰাৰ লগতে বিশ্ববিদ্যালয় দুয়োখনত বিদ্যাৰ্থী পৰিষদৰ কাম কাজেও নতুন দিশ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।