এবিভিপিৰ সদস্যতা অভিযানৰ সৰ্বাধিক সদস্যতা দিন
অসমৰ প্ৰতি খন জিলাৰ প্ৰায় সংখ্যক শিক্ষা প্ৰতিষ্ঠানত এবিভিপিৰ সদস্যতা অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যতা অভিযান সমগ্ৰ অসমত যোৱা ৫ আগষ্টৰ পৰা অহা ৩০ আগষ্টলৈ অনুষ্ঠিত হৈ আছে। ইতিমধ্যে সমগ্ৰ অসমৰ প্ৰায় সকলো মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠান সমূহত পূৰ্ণ উদ্যমেৰে এই সদস্যতা অভিযান চলি আছে। উল্লেখযোগ্য যে এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ যোগেদি প্ৰতিবছৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ ভাৰতবৰ্ষত সদস্যতা অভিযান অনুষ্ঠিত কৰি আহিছে। ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে নিৰ্মাণ কৰি ভাৰত মাতৃক বিশ্বৰ ভিতৰতে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিবলৈ অহৰহ কাম কৰা ছাত্ৰ সংগঠনটোৱেই হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ। সদস্যতা অভিযানৰ এই অংশ হিচাপে অসমৰ প্ৰতিখন জিলাৰ প্ৰায় প্ৰতিখন শিক্ষানুষ্ঠানতেই এই সদস্যতা অভিযান অনুষ্ঠিত হৈ আছে। য’ত ছাত্ৰ সমাজে স্বতঃস্ফূর্ত ভাৱে ওলাই আহি বিশ্বৰ এই সৰ্ব বৃহৎ ছাত্ৰ সংগঠনটিৰ সদস্যতা গ্ৰহণ কৰিছে।আজি বিশেষকৈ অসম বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, দৰং মহাবিদ্যালয়, তেজপুৰ কলেজ, গণেশ লাল চৌধুৰী মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, হোজাই বালিকা মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়, বি.এছ. মহাবিদ্যালয়, শ্ৰীকৃষ্ণণ সাৰদা মহাবিদ্যালয়, বিশ্বনাথ মহাবিদ্যালয় আদিকে ধৰি প্ৰায় বোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটেই সদস্যতা অভিযান অনুষ্ঠিত হয়।