এপ্ৰিল ফুল
বন্দিতা শৰ্মা কন্দলি
মৰমৰ মইনাহঁত, প্ৰতি বছৰে এক এপ্ৰিল দিনটোত এজনে আন এজনক ‘এপ্ৰিলফুল ‘ কৰে। তোমালোকে বন্ধু বান্ধৱীক এপ্ৰিল ফুল কৰি পাইছানে? ‘এপ্ৰিল ফুল ‘ মানে মিছা কথা কৈ আনক মূৰ্খ সজোৱা।’মিছা কথাৰ ঠেং চুটি’ বুলি আমাক জেষ্ঠ সকলে কৈয়ে থাকে নহয়নে বাৰু। কিন্তু বছৰৰ এটা দিনত অৰ্থাৎ এক এপ্ৰিল দিনটো হৈছে মিছা কথা কোৱাৰ দিন। সেই দিনটোত মিছা কথা ক’লে ধেমালি বুলি গণ্য কৰে। সেইদিনা মিছা কথা কোৱা জনৰ ওপৰত কাৰো খং নুঠে আৰু বেয়াও নাপায়।
এই ‘এপ্ৰিল ফুল ‘ ৰ ধাৰণা টো বিদেশৰহে।জনাযায় ষষ্ঠদশ শতিকাত ফ্ৰান্সত বছৰ গণনা আৰম্ভ হৈছিল এপ্ৰিল মাহৰ পৰা। ফ্ৰান্সৰ নিয়ম অনুসৰি বছৰৰ প্ৰথম দিনা প্ৰতিজন প্ৰজাই ৰজাক নৱবৰ্ষৰ উপহাৰ দিব লাগে। সেই নিয়ম অনুসৰি সকলো প্ৰজাই ৰাজপ্ৰাসাদলৈ গৈ ৰজাক উপহাৰ প্ৰদান কৰে।১৫৬৪ চনৰ ১ এপ্ৰিল তাৰিখে নিয়ম অনুসৰি ফ্ৰান্সৰ সকলো প্ৰজাই হাতত উপহাৰ লৈ ৰাজপ্ৰাসাদলৈ যায়। সকলো প্ৰজা ৰাজপ্ৰাসাদত গোট খোৱাৰ পাছত ৰজাই ঘোষণা কৰিলে যে এতিয়াৰ পৰা ১ এপ্ৰিলৰ পৰিবৰ্তে এক জানুৱাৰীৰ পৰাহে নতুন বছৰ ধৰা হ’ব আৰু ৰজাক কোনো ধৰণৰ উপহাৰ দিব নালাগে। প্ৰজা সকলৰ ৰজাৰ ঘোষণা শুনি খং উঠিছিল যদিও উপহাৰ দিয়াৰ প্ৰথা উঠাই লোৱা বাবে আনন্দ পাইছিল। ৰজাৰ ঘোষণা শুনি সেইদিনা প্ৰজা সকলে হাতত উপহাৰ লৈ পুনৰ ঘৰলৈ ঘূৰি আহিব লগাত পৰিছিল। তেতিয়া তেওঁলোকে ৰজাই সকলোকে মূৰ্খ সজালে বুলি ভাবিলে। এনেদৰেই এক এপ্ৰিল দিনটোত ‘এপ্ৰিল ফুল ‘ হিচাপে প্ৰচলিত হয় বুলি পোৱা যায়।
আমি কেনেদৰে ‘এপ্ৰিল ফুল ‘ কৰিছিলোঁ কও শুনা। আমাৰ বাইদেউ এগৰাকীয়ে বগৰীগুৰি খাই বৰ ভাল পাইছিল। সেই কথা লগৰ বন্ধু বান্ধৱীয়েও জানিছিল।এক এপ্ৰিলৰ দিনা বাইদেউৰ লগৰ ছোৱালী এজনীয়ে কাগজৰ টোপোলা এটা আনি বাইদেউৰ হাতত দি কৈছিল “মায়ে তোলৈ বগৰীগুৰি দি পঠাইছে ল, মই যাও স্কুললৈ দেৰি হ’ব” বুলি কৈ দৌৰি গুচি গ’ল। পাছত বাইদেৱে আশাৰে টোপোলা খুলি দেখে ইটাৰ গুৰি হে। এপ্ৰিল ফুলৰ কথা পাহৰি যোৱাৰ বাবে বাইদেৱে সেইদিনা বৰ লাজ পাইছিল। আকৌ কোনোৱা এজনে মাতি ছে বুলি কৈ এপ্ৰিল ফুল কৰে।
যিজনে মাতিছে বুলি কয় সেই জনে একো গমেই নাপায়।কিয় মাতিলে বুলি সুধিলে, আচৰিত হে হয়।প্ৰকৃত কথা জানিব পাৰি পাছত আনন্দ কৰে। যিসকলে এই দিনটোৰ কথা মনত ৰাখে তেওঁলোকে সেইদিনা সাৱধানে থাকে।আনে দিয়া চিঠি, টোপোলা গ্ৰহণ নকৰে। কোনোবাই মাতিছে বুলি কʼলেও নাযায়। তেতিয়া ‘এপ্ৰিল ফুল’ কৰা জন হে লাজত পৰে। কোনো কোনো ছাত্ৰই বিদ্যালয়ৰ ছাৰ বাইদেউ সকলকো ‘এপ্ৰিল ফুল’ কৰে। উপস্থিতি দিবলৈ কলম বিচাৰিলে নিপ নোহোৱা কলম উলিয়াই দিয়ে। শিক্ষকে এপ্ৰিল ফুল বুলি জানি হাঁহি মাৰি বেলেগ কলম লৈছিল। এপ্ৰিল ফুল সাধাৰণতে আগবেলা অৰ্থাৎ ৰাতিপুৱাতেই কৰে। কেৱল সৰু ল’ৰা ছোৱালীয়ে হে এপ্ৰিল ফুল কৰে এনে নহয়। মহিলা মহাকাশ বিজ্ঞানী সুনীতা উইলিয়ামছৰ নাম সকলোৱে শুনিছা নিশ্চয়। দুবাৰকৈ মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছে মহাকাশত অণুজীৱৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। এপ্ৰিলৰ এক তাৰিখে তেনে এক গৱেষণাত ব্যস্ত হৈ আছিল সুনীতা। মহাকাশচাৰীসকলৰ দেহত বাহিৰাগত কোনো বীজাণুৱে আহি আক্ৰমণ কৰিছে নেকি, সেই বিষয়টো মহাকাশ গৱেষণা কেন্দ্ৰ নাচাৰ বিজ্ঞানী সকলৰ মাজত আলোচনা চলি আছিল। এটা সময়ত সুনীতাই ক্ষুদ্ৰ পৰীক্ষাগাৰটোৰ পৰা ওলাই চিঞৰিছিল – ‘বন্ধুসকল বৰ দুখৰ কথা, আমাৰ দেহত আৰু মহাকাশখনতো ভীষণ ভাৱে বীজাণুৱে আক্ৰমণ কৰিছে।সম্ভৱ কোনো কাৰিকৰী কৌশল প্ৰয়োগ কৰিও তাৰ পৰা মুক্ত হ’ব পৰা নাযাব।’ লগে লগেই সুনীতাৰ বন্ধু সকলৰ চকুৱে মুখে বিফল হৈ উভতি যোৱাৰ হতাশা আৰু কৰুণ দৃষ্টি ফুটি উঠিছিল।পিছ মূৰ্হুততে সুনীতাই চিঞৰি উঠিল – ‘এয়া এপ্ৰিল ফুল।ক্ষমা কৰিব বন্ধুসকল ‘– বুলি হাঁহিবলৈ ধৰিছিল।