এন এফ ৰে’লৱে এম্পলয়িজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস পালন

এন এফ ৰে’লৱে এম্পলয়িজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰে’লৱে এম্পলয়িজ ইউনিয়নৰ মূখ্য কাৰ্যালয়ৰ মহিলা শাখাৰ উদ্যোগত  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ইউনিয়নৰ মহিলা শাখাৰ শাখা সম্পদিকা মিতালী দত্ত দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তবে ভাষণ প্ৰসংগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু নাৰী সবলীকৰণ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় অভিনেত্ৰী ডঃ আকাশী তৰা দত্ত আৰু হিয়া মেধিয়ে ভাগ লৈ সকলো নাৰীয়ে যাতে নিজকে নিজে আত্মৰক্ষাৰ কৌশল সমূহ আয়ত্ব কৰিব পাৰে তাৰ কামনা কৰে আৰু নাৰী বা যুৱতী সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা বাবে ইউনিয়নৰ মহিলা শাখাৰ শলাগ লয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীত কেবাজনেও নৃত্য, গীত , কবিতা আবৃত্তি পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। তেনেদৰে অনুষ্ঠানত মহিলা আৰু শিশুৰ মাজত পৰম্পৰাগত সাজ পোচাক পৰিধান কৰা বিষয়ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আনহাতে দিনৰ ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মধুসুদন দাস, উপ সভাপতি বি ব্ৰহ্ম, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱা আৰু প্ৰকাশ বৰ্মন, সহকাৰী সাধাৰণ সম্পাদক প্ৰণীতা মজুমদাৰ , কাৰ্যালয় সম্পাদক কস্তুৰী দত্ত, প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন, মুখ্য সাংগঠনিক সম্পাদক ধ্ৰুৱ তালুকদাৰ আৰু ভাস্কৰ ভূষণ দাস, মহিলা শাখাৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়াই ইউনিয়নৰ মহিলা শাখাৰ কৰ্মকৰ্তা মুনমুন শৰ্মাই। আনহাতে ৮ মাৰ্চত এন এফ ৰে’লৱে কেন্দ্ৰীয় চিকিৎসালয় আৰু গুৱাহাটীৰ হায়াট চিকিৎসালয়ৰ যৌথ উদ্যোগত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ’ব।