এনডিএ মিত্রজোটক শক্তিশালী কৰাৰ সংকল্প আৰু প্ৰচণ্ড বিজয়ৰ লক্ষ্য দিলীপ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- এনডিএ মিত্রজোটৰ অন্যতম শক্তিশালী মিত্রদল অসম গণ পৰিষদৰ গুৱাহাটী আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উপস্থিত হয় ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ নৱ-নির্বাচিত সভাপতি দিলীপ শইকীয়া। অগপৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অসম আন্দোলনত প্রাণ আহুতি দিয়া ৮৫৫ গৰাকী বীৰ শ্বহীদৰ শ্বহীদবেদীত মাল্যার্পণ কৰি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অগপ দলৰ সাংসদ-বিধায়ক, শীর্ষস্থানীয় নেতৃবৃন্দৰ লগতে বিভিন্ন ভগ্নী সংগঠনৰ উপস্থিতিত অনুষ্ঠিত অন্তৰংগ মতবিনিময় অনুষ্ঠানত প্রদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে আগন্তুক দিনত প্রতিটো নির্বাচনত জয়ী হ’বৰ বাবে এনডিএ অধিক শক্তিশালীৰূপত একত্রিত হৈ তৃণমূল পর্যায়ত দলীয় সংগঠনৰ স্থিতি মজবুত কৰিব লাগিব। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই অগপ দলৰ প্রত্যেক গৰাকী সদস্যক আগন্তুক দিনত এনডিএৰ সক্রিয় সেনানীৰূপে সমর্পিত মনোভাৱেৰে কাম কৰাৰ বাবে আহ্বান জনায়। লগতে পৰৱৰ্তী প্রত্যেকটো নিৰ্বাচনত এনডিএৰ প্রতিটো মিত্ৰদলৰ সৈতে আলাপ আলোচনাৰ মাজেৰে একেলগে অৱতীর্ণ হ’ব বুলি উল্লেখ কৰি সভাপতি শইকীয়াই পঞ্চায়ত, নিগম-নিকায় আৰু পৰিষদীয় নির্বাচনত মিত্ৰতাৰ ক্ষেত্ৰত জিলা বা মণ্ডল সমিতি সমূহে সিদ্ধান্ত গ্রহণ কৰিব বুলি মন্তব্য কৰে।উক্ত অনুষ্ঠানৰ আৰম্ভণিতে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অগপ দলৰ সাংসদ-বিধায়ক, শীর্ষস্থানীয় নেতৃবৃন্দৰ লগতে সকলো ভগ্নী সংগঠনে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক উষ্ম আদৰণি জনায়।