এদিন- জাহ্নুদেৱ কলিতা

Pc unsplash
এদিন
          জাহ্নুদেৱ কলিতা
          গুৱাহাটী, বিজয়নগৰ
এদিন ইয়াত এখন নৈ আছিল
আঙুলিৰ ফাঁকেৰে জলধাৰা বৈছিল
মানুহৰ বুকুত প্ৰাণ ঢালি
এদিন ইয়াত এখন পথাৰ আছিল
পূৰ্বজৰ শ্ৰমৰ ঘামেৰে
সপোন চহকী হৈছিল
চহকী চহৰৰ দপদপনি বাঢ়িল
পথাৰ হেৰাল
নৈ হেৰাল
এদিন কলমে বিসম্বাদত নামিল
ভোকাতুৰৰ মাত ওলাল
ভূঁইকপত বৃক্ষ কঁপিল
এদিন সকলো সুখী হোৱাৰ
সপোন দেখিম
নতুবা নেদেখিম।