এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ষ্টিভ স্মিথৰ 

এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ষ্টিভ স্মিথৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত আইচিচি চেম্পিয়নছ ট্রফীৰ ছেমিফাইনেলত টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়াৰ তাৰকা বেটাৰ অধিনায়ক ষ্টিভ স্মিথে। মঙলবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টীম ইণ্ডিয়াৰ বিপক্ষে ৪ উইকেটত পৰাজিত হোৱাৰ পিছতে চেম্পিয়নছ ট্রফীৰ পৰা বাহিৰ হয় অষ্ট্ৰেলিয়া। খেলখনত স্মিথে ৯৬টা বলত ৭৩ ৰানৰ এক আকর্ষণীয় ইনিংছ খেলিছিল। যাৰ বাবে অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত ২৬৫ ৰানৰ লক্ষ্য ৰাখিবলৈ সক্ষম হৈছিল। অৱশ্যে ভাৰতে ১১টা বল বাকী থকা অৱস্থাতে সেই লক্ষ্যত উপনীত হয়। ইফালে ৫০ অভাৰৰ ফর্মেটক বিদায় জনোৱাৰ সিদ্ধান্ত ঘোষণা কৰি স্মিথে কয় যে তেওঁ অষ্ট্ৰেলিয়াৰ সৈতে দুটাকৈ বিশ্বকাপ (২০১৫ এদিনীয়া বিশ্বকাপ আৰু ২০২১ টি-২০ বিশ্বকাপ) জয়ী হোৱাৰ সৌভাগ্য লাভ কৰিছে।  ক্রিকেট অষ্ট্ৰেলিয়ালৈ দিয়া এক বিবৃতিত স্মিথে কয়, ‘এয়া এক সুন্দৰ যাত্রা আছিল আৰু মই ইয়াৰ প্ৰতিটো ক্ষণ উপভোগ কৰিছোঁ। বহু আশ্চৰ্যকৰ সময় আৰু গুৰুত্বপূৰ্ণ স্মৃতি আছে। দুটা বিশ্বকাপ জয়ী কৰাটো এক সুন্দৰ স্মৃতি আছিল লগতে এই যাত্রাত বহু ভাল সতীর্থ লগ পাইছোঁ।’  উল্লেখ্য যে ৩৫ বছৰীয়া ষ্টিভ স্মিথে ২০১০ চনত এদিনীয়াত অভিষেক ঘটায়। তেওঁ অষ্ট্ৰেলিয়াৰ হৈ মুঠ ১৭০খন এদিনীয়া মেচ খেলিছিল। ষ্টিভ স্মিথে  ১৭০খন এদিনীয়াত ৪৩.২৮ গড়ে ৫৮০০ ৰাণ সংগ্ৰহ কৰিছে। ৮৬.৯৬ ষ্ট্ৰাইক ৰেটৰ সৈতে তেওঁ ১২টা শতক আৰু ৩৫টা অৰ্ধশতক কৰিছে। তেওঁ এদিনীয়াত অষ্ট্ৰেলিয়াৰ হৈ দ্বাদশ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে কেৰিয়াৰ সমাপ্ত কৰে। স্মিথে ২০১৬ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৪ ৰাণ সংগ্ৰহ কৰিছিল। যিটো এদিনীয়াত স্মিথৰ সৰ্বোচ্চ স্ক’ৰ। প্ৰয়োজনত দলৰ বলৰ জৰিয়তেও সহায় কৰিছিল স্মিথে। লেগস্পিন অলৰাউণ্ডাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত, তেওঁ ২৮ টা উইকেটো দখল কৰে আৰু ৯০ টা কেচ ধৰিছে।ক্রিকেট অষ্ট্ৰেলিয়াৰ এক সংবাদ মাধ্যমৰ বিজ্ঞপ্তি অনুসৰি ছেমিফাইনেলত পৰাজয়ৰ পিছতে স্মিথে তেওঁৰ দলৰ সতীর্থসকলক কৈছিল যে তেওঁ এদিনীয়া ক্রিকেটৰ পৰা অৱসৰ ল’ব। অৱশ্যে স্মিথে টেষ্ট আৰু টি-২০ৰ পৰা এতিয়াও অৱসৰ লোৱা নাই।