এতিয়া যদি আপুনি কচুৱা লৈ আহিব বিছাৰে তেন্তে চিন্তাৰ কোনো কাৰণ নাই গাড়ীৰে আহিব পাৰিব আপুনি
কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা – কচুৱা বাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল কচুৱা বজাৰৰ ৰাজপথৰ কাষত নলা নিমাৰ্ণ কৰি দিবলৈ। এজাক বৰষুণত নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱা বজাৰৰ মূল ৰাজপথত একাঁঠু পানী জমা হোৱাত গাড়ী মটৰৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ চলাচলত অসুবিধা সম্মুখীন হৈছিল। ৰাস্তাৰ কাষত কোনো ধৰণৰ নলা বা পানী চলাচলৰ সুবিধা নথকাত এজাক ধাৰাসাৰ বৰষুণত কচুৱা বজাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল, যাৰ বাবে ৰাইজে চৰকাৰ আৰু বিধায়কক ৰাজপথৰ কাষত নলাৰ ব্যৱস্থা কৰিবলৈ দাবি জনাইছিল । ৰাইজৰ দাবী আৰু আহ্বানৰ পিছতেই ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে তেওঁৰ ব্যক্তিগত পুঁজিৰ পৰা কচুৱা বজাৰৰ ৰাজপথৰ কাষত পানীৰ চলাচলৰ বাবে নলাৰ ব্যৱস্থা কৰাত অঞ্চল টোৰ ৰাইজে বিধায়ক গৰাকীক ধন্যবাদ জনোৱাৰ লগতে কচৱা বজাৰৰ ৰাজপথৰ কাষত নলা নিমাণত ৰাইজৰ উপকৃত হৈছে বুলি মন্তব্য কৰে।