“এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাথঁনিৰ সন্মিলনখনে কঢ়িয়াই আনিব সমৃদ্ধিশালী অসমৰ সোপান”-ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
মুঠ ৪,৯১,৫০০ কোটি টকাৰ প্ৰতিগৰাকী বিনিয়োগকাৰী চৰকাৰী তথা উদ্যোগিক আৰু ৰাজহুৱা খণ্ডলৈ শুভেচ্ছা জ্ঞাপন ৰাজ্যিক বিজেপিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা তিনিটা দিন আমাৰ ৰাজ্যখনৰ বাবে কেৱল ঐতিহাসিকেই নহয়, আমাৰ বাবে আছিল প্ৰাপ্তি আৰু স্বৰ্ণিল ভৱিষ্যতৰ দুৱাৰ মুকলিৰ অপাৰ সম্ভাৱনাৰ দিন। তিনিটা দিনৰ কাৰ্যসূচীৰ মাধ্যমেৰে আমি জগতসভাত পুনৰবাৰ আমাৰ ৰাজ্যৰ চহকী সংস্কৃতি উজলাই তোলাৰ লগতে অসমৰ শক্তিশালী অৰ্থনৈতিক ভেটি আৰু আন্তঃগাঁথনি স্থাপনৰ ক্ষেত্ৰত অভাৱনীয় সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’লোঁ। এই মন্তব্য আগবঢ়াই বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । বিশেষকৈ, অসমলৈ অধিক বিনিয়োগকাৰী আকৰ্ষিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে দুদিনীয়াকৈ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা “এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন”ৰ পৰিধি দেশৰ চাৰিসীমা অতিক্ৰম কৰি বিদেশৰ পৰাও যিদৰে সঁহাৰি লাভ কৰিবলৈ সক্ষম হ’ল, তাৰবাবে সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ কৰ্মযোগী ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ বিনিয়োগ সন্মিলনখনৰ দুটা দিনত অসমে ৪.৯১ লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰিবলৈ সক্ষম হোৱাটো তথা দেশ-বিদেশৰ সফল উদ্যোগী আৰু প্ৰতিষ্ঠানসমূহে পৰ্যটন, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা,যাতায়ত, কলাকে ধৰি প্ৰতিটো খণ্ডকে সমৃদ্ধ কৰিবলৈ স্বাক্ষৰ কৰা চুক্তিসমূহ অসমৰ বিকাশৰ যাত্ৰাৰ মাইলৰ খুঁটিৰূপে চিহ্নিত হৈ ৰ’ব৷এই সন্মিলনত বিনিয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰা দিশসমূহ – পেট্ৰ’কেমিকেলছ – শোধনাগাৰ, খাদ্য সংসাধন আৰু গৱেষণাগাৰ খণ্ডৰ বিকাশ।নৱীকৰণযোগ্য শক্তি – সৌৰ, জলবিদ্যুৎ আৰু বায়’এনাৰ্জী প্ৰকল্পৰ সম্প্রসাৰণ।পর্যটন আৰু আতিথ্য – অসমক এখন মুখ্য পৰ্যটন আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা। স্বাস্থ্যসেৱা আৰু ঔষধ – স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু ঔষধ উদ্যোগৰ বিকাশ।লজিষ্টিকছ আৰু যোগাযোগ – বাণিজ্যিক পথ, বহু-মুখী পৰিবহন ব্যৱস্থা আৰু সীমান্তত বাণিজ্যিক উন্নয়ন।তথ্য প্ৰযুক্তি আৰু ষ্টাৰ্টআপ – অসমক এখন ডিজিটেল উদ্ভাৱন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।ব্যৱস্থাগত সংস্কাৰ আৰু ব্যৱসায়িক সুবিধা :অসম চৰকাৰে উদ্যোগ আৰু ব্যৱসায়িক উন্নয়নৰ বাবে বহুতো নীতি-আদৰ্শগত ক্ষেত্ৰত আগবঢ়োৱা সুবিধাসমূহৰ কিছু আভাস – নিয়ন্ত্ৰণ প্ৰক্ৰিয়া সৰল আৰু প্ৰকল্পৰ অনুমোদন দ্ৰুত কৰা।কৰ ৰেহাই আৰু খণ্ডভিত্তিক অৰ্থনৈতিক উৎসাহ।অসম ষ্টাৰ্টআপ নীতিৰ জৰিয়তে নতুন উদ্যোগৰ বিকাশৰ সুবিধা।সমন্বিত লজিষ্টিকছ পাৰ্ক স্থাপন কৰি যোগান শৃংখলা সুদৃঢ় কৰা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মিলনখনৰ শুভ উদ্বোধন কৰি ‘A’ for Assam এদিন বিশ্বই জানিব বুলি কৰা মন্তব্য আখৰে আখৰে ফলিওৱাৰ দিশে আগবঢ়াই নি টাটা, আদানী, ৰিলায়েন্স, JSW, SR, বেদান্ত, গ্ল’বেল হেলথ লিমিটেডৰ উপৰি দেশ-বিদেশৰ প্ৰতিনিধি-ব্যক্তিগত প্ৰতিষ্ঠানসমূহে অসমৰ বিভিন্ন খণ্ডত কৰা বিনিয়োগৰ বাবে ৰাজ্য চৰকাৰৰ হৈ তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলে। এই সন্মিলনৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ উপৰি আমাক উৎসাহিত কৰা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰ, তথ্য আৰু সম্প্ৰচাৰ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী হৰদীপ সিং পুৰী, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ালৈ আন্তৰিক কৃতজ্ঞতা । সন্মিলনখনৰ সফলতাৰ কৃতিত্ব ইয়াৰ অংশগ্ৰহণকাৰী ৭৫ খন দেশৰ প্ৰতিনিধি, ৬৭ খন ৰাষ্ট্ৰৰ হেড অৱ মিছন, ৯ খন সহযোগী ৰাষ্ট্ৰৰ প্ৰতিনিধি আৰু সমূহ প্ৰতিনিধিবৰ্গৰ লগতে অসম চৰকাৰ মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়া কৰ্মচাৰী সকলো এইক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মতপোষণ কৰে বুলি এক প্ৰেছ বিবৃতিত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুৰঞ্জন দত্ত জানিবলৈ দিয়ে ।