এডভান্টেজ আছাম ২.০ৰ বাবে দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকল আমন্ত্রণ মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আমন্ত্রণ জনায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আগন্তুক এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন উপলক্ষে ছিউলত এক বর্ণাঢ্য ৰোড শ্ব’ত অংশগ্ৰহণ কৰি সম্ভাব্য বিনিয়োগকাৰীসকলক আমন্ত্রণ জনোৱাৰ লগতে অসমৰ ভৌগোলিক অৱস্থান, কৌশলগত সম্ভাৱনা আৰু ব্যৱসায়িক সুযোগ-সুবিধাসমূহৰ বিষয়ে উপস্থাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ-পূব আৰু দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰা। দক্ষিণ কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজিত এই ৰোড শ্ব’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ১৪০ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ মুৰব্বী তথা শীর্ষ উদ্যোগীসকলৰ লগত মত বিনিময় কৰে। এডভান্টেজ আছাম ২.০ৰ প্ৰতি দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলে প্রকাশ কৰা আগ্ৰহক প্রশংসা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দ্রুত বিকাশশীল বৃহৎ অর্থনীতি হিচাপে ভাৰতে বিশ্ব অর্থনীতিত স্থান লাভ কৰা বিষয়টোৱে তেওঁলোকক উৎসাহিত কৰি তুলিছে। অসমে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ৰে পাৰস্পৰিক লাভৰ বাবে দক্ষিণ কোৰিয়াৰ ব্যৱসায়িক আৰু উদ্যোগীসকলক অনন্য সুযোগ আগবঢ়াব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অসমক এক অগ্রণী বিনিয়োগৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগকাৰীৰে বন্ধুত্বপূর্ণ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লগতে কয় যে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ত তেওঁলোকৰ অংশগ্রহণে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে এক পৰিৱেশ গঢ়ি তুলিব। অসমক অনন্য ৰূপত উপস্থাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম কেৱল বিনিয়োগৰ অপৰিসীম সম্ভাৱনাৰ বাবেই নহয়, পর্যটন ক্ষেত্রতো ই চহকী। চাহ বাগিচা, সুন্দৰ ৰিজ’ৰ্টৰ লগতে ইউনেস্ক’ৰ তিনিটা বিশ্ব ঐতিহ্য ক্ষেত্রও অসমত আছে। এই স্থানসমূহে পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে পৰ্যটকসকলক আতিথ্য প্রদান আৰু আমোদ-প্রমোদৰো ব্যৱস্থা কৰিব পাৰিব। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কোৰিয়া ট্রেড ইনভেষ্টমেন্ট প্রমোচন এজেঞ্চীৰ সভাপতি কিউংচুং কাঙৰ নেতৃত্বত এটা প্রতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আগন্তুক এডভান্টেজ আছাম ২.০ শীর্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আগন্তুক এই সন্মিলনখন বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সন্মুখত অসমৰ ঔদ্যোগিক আৰু বিনিয়োগৰ পৰিৱেশৰ বিষয়ে জ্ঞান বিনিময়ৰ এক মঞ্চ হিচাপে উপস্থাপিত হ’ব। বাণিজ্য, উদ্যোগ তথা দক্ষতা বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰিত্বৰে এই সন্মিলনে অসম আৰু কোৰিয়াৰ পাৰস্পৰিক ব্যৱসায়িক লাভৰ বাবে এক সুদৃঢ় সম্পর্ক গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব। পর্যটন ক্ষেত্ৰত অসমৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অ’এছএটি (আউট ছ’র্চ ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট) পৰিপূৰক হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়াৰ অটোম’বাইল আৰু ইয়াৰ আনুষংগিক প্রতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী তথা শীর্ষ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁলোকক অসমলৈ আমন্ত্রণ জনাই ৰাজ্যখনত অটোম’বাইল আৰু আনুষংগিক সামগ্রী নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্রদান কৰে। দক্ষিণ-পূব এছিয়াৰ ১০০ বিলিয়ন ডলাৰৰ ভাৰতৰ অ’টোম’বাইল উদ্যোগ ক্ষেত্ৰখনত প্ৰৱেশৰ বাবে তেওঁলোকক অসম চৰকাৰে সকলো ধৰণৰ সা-সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়।