এডভান্টেজ আছাম ২০২৫ ৰ বিৰূদ্ধে ষড়যন্ত্ৰ অব‍্যাহত ৰখাতকৈ গৌৰৱ গগৈয়ে তেওঁৰ বিৰূদ্ধে উত্থাপিত ৰাষ্ট্ৰদ্ৰোহৰ পাপ খণ্ডন কৰক : বিজেপি অসম প্ৰদেশ

এডভান্টেজ আছাম ২০২৫ ৰ বিৰূদ্ধে ষড়যন্ত্ৰ অব‍্যাহত ৰখাতকৈ গৌৰৱ গগৈয়ে তেওঁৰ বিৰূদ্ধে উত্থাপিত ৰাষ্ট্ৰদ্ৰোহৰ পাপ খণ্ডন কৰক : বিজেপি অসম প্ৰদেশ

ৰঙিলী বাৰ্ত্তাসেৱা- গৌৰৱ গগৈয়ে এডভান্টেজ আছাম সম্পৰ্কে বিভ্ৰান্তি সৃষ্টিৰ অপচেষ্টাত লিপ্ত হৈছে । এই বৃহৎ বিনিয়োগ কাৰ্য‍্যক্ৰম সম্পৰ্কত ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই বিফল কৰাৰ বাবে তেওঁলোকে কৰা অপচেষ্টা বিফল হোৱাৰ পিছত এতিয়া কংগ্ৰেছ দলটোৰ নেতৃত্বই চৰম হতাশাগ্ৰস্থ আৰু ঈৰ্ষাম্বিত হৈ নানা ধৰনৰ কুটকৌশল ৰচনা কৰিছে । সাংসদ গৌৰৱ গগৈৰ এই সম্পৰ্কীয় বক্তব‍্য ঈৰ্ষা আৰু শতাশাৰ বহি:প্ৰকাশ ।  এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , প্ৰায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কংগ্ৰেছৰ নেতাসকল হতাশগ্ৰস্থ আৰু ঈৰ্ষাম্বিত হোৱাটো স্বাভাবিক । তেওঁ কয় , ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ‍্যত বিনিয়োগ সন্মিলন অনুস্থিত হৈছে । কাৰন ভাৰতবৰ্ষক ২০৩০ চনৰ ভিতৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়াৰ বাবে এয়া দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেৱৰ নেতৃত্বত এন ডি এ চৰকাৰে গ্ৰহন কৰা এক স্পষ্ট নীতি আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰত‍্যোকখন ৰাজ‍্য চৰকাৰে ইয়াৰ বাবে নিৰবিচ্ছিন্নভাৱে প্ৰচেষ্টা অৱ‍্যাহত ৰাখিছে । কংগ্ৰেছ দলটোৱে বহল দৃষ্টিভংগীৰে দেশৰ ভৱিষ‍্যতৰ প্ৰতি লক্ষ‍্য ৰাখি চিন্তা কৰিব নোৱাৰাৰ ফলতেই অসম তেওঁলোকৰ আমোলত বহুত পিছপৰি আছিল । এতিয়া আমি পিছপৰি নেথাকো । সকলো প্ৰত‍্যাহ্বান নেওচি ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমৰ নতুন প্ৰজন্মই ভাৰতবৰ্ষৰ আগশাৰীৰ পাচঁখন ৰাজ‍্যৰ শাৰীলৈ উন্নীত কৰাৰ বাবে ঐক‍্যবদ্ধ প্ৰয়াস চলাব বুলি মুখপাত্ৰজনে মন্তব‍্য কৰিছে । সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ সৈতে মিতিৰালি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয়ত থকা গুৰুতৰ অভিযোগ সমূহৰ শীঘ্ৰেই উত্তৰ দিয়ক : বিধায়ক মানৱ ডেকা আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , দেশৰ নিৰাপত্তাজনিত বিষয়ৰ লগত জড়িত থকা গুৰুতৰ অভিযোগত অভিযুক্ত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে নিজৰ লগতে পত্নীৰ সম্পৰ্কত আজিও অসম তথা দেশবাসীক কোনো প্ৰশ্নৰ উত্তৰ নিদিয়াটো কংগ্ৰেছ দলৰ বাবে এক লজ্বাজনক কথা।সততে প্ৰতিটো বিষয়তে তপৰাই মাত দিয়া সাংসদ গৌৰৱ গগৈয়ে পত্নী এলিজাবেথৰ সহিতে কেইবাবাৰো শত্ৰুৰাষ্ট্ৰ পাকিস্তান ভ্ৰমণ কৰা তথ্য পোহৰলৈ অহাৰ লগতে ভাৰত বিদ্বেষী আলি তৌকিৰ লগত থকা সম্পৰ্কৰ সম্পৰ্কত টু শব্দ এটাও উচ্চাৰণ নকৰা বিষয়টোৱে তেখেতৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্বহীনতাৰ কথা উদঙাই দিয়ে। ৰাজকীয় পৰিয়ালৰ সন্তান বুলি ভাবি সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ সাধাৰণ নাগৰিকে জানিব বিচৰা অতি স্পৰ্শকাতৰ বিষয়টোৰ পৰা পলায় ফুৰা বিষয়টোৱে ৰাষ্ট্ৰ বিৰোধ বিষয়ৰ লগত জড়িত বুলি স্পষ্ট তথ্য প্ৰদান কৰে।আমি তেখেতক প্ৰত্যাহ্বান জনাওঁ যে তেখেতৰ যদি সৎ সাহস আছে উত্থাপিত গুৰুতৰ অভিযোগৰ উত্তৰ দিয়ক। এই সন্দৰ্ভতে বিধায়ক মানৱ ডেকাই লগতে কয় যে , সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই এডভাণ্টেজ আছাম ২.০ক লৈ কালি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ভিডিঅ’ এটা হঠাৎ দেখা পালোঁ। বিজ্ঞাপনৰ ৰাজনীতি গৌৰৱ গগৈৰ পুৰণি স্বভাৱ যদিও ভিডিঅ’টোত ব্যৱহাৰ কৰা ভাৰতৰ এখন বিশেষ মেপ দেখি সঁচাকৈয়ে আচৰিত হৈছোঁ। আচলতে গৌৰৱ গগৈয়ে কাশ্মীৰক ভাৰতৰ অংগ বুলি নাভাৱে নেকি? কোন পাকিস্তানী বিষয়াৰ স্বাৰ্থত কাশ্মীৰ কেৱল মাত্ৰ পাকিস্তানৰ অংগ বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে গৌৰৱ গগৈয়ে? নে পত্নীৰ নিৰ্দেশত এইখন বিকৃত মেপ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল তথাকথিত সাংসদগৰাকী? জনতাই ইয়াৰ উত্তৰ বিচাৰে। ৰাইজৰ ধনেৰে বিলাসী জীৱন কটোৱা গৌৰৱ গগৈয়ে জানি থোৱাটো ভাল – বিগত ১০ বছৰত ভাৰতত ব্যক্তিগত খণ্ডৰ বিনিয়োগ কংগ্ৰেছৰ শাসন কালতকৈ দুগুণ হাৰত বৃদ্ধি পাইছে।গতিকে সাংসদ গৌৰৱ গগৈয়ে তেওঁৰ ক্ষেত্ৰত উত্থাপিত গুৰুতৰ অভিযোগৰ উত্তৰ দিয়ক।