এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে

এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  হোটেল ৰেডিছন ব্লু’ত এখন সংবাদ মেলযোগে এডভান্টেজ আছাম ২.০ৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে টাটাই প্রতিশ্রুতি দিছে যে ৰাজ্যখনত টাটাই আন এক ইলেক্ট্ৰ’নিক কাৰখানা স্থাপন কৰিব। ছেমিকণ্ডাক্টৰৰ সমকক্ষ হিচাপে স্থাপন কৰিবলগা এই উদ্যোগৰ বাবে টাটাই বিনিয়োগ কৰিব ৩০ হাজাৰ কোটি টকা। তদুপৰি টাটাই শক্তিখণ্ড আৰু হোটেল স্থাপনৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব। মুখ্যতঃ টাটাই ইলেক্ট্র’নিক মেনুফেকচাৰিঙৰ জৰিয়তে ম’বাইল ফোন মেনুফেকচাৰিং কৰা হ’ব। তদুপৰি টাটাই টাটা পাৱাৰ, ইণ্ডিয়ান হোটেল আদিৰ বাবে আন ৩০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। টাটাই তাজ ভিভান্টাৰ পৰা আঁতৰি আহি গুৱাহাটীত এখন তাজ হোটেল নিৰ্মাণ কৰিব।টাটাৰ লগতে ৰিলায়েঞ্চৰ বিনিয়োগ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা কৈছে। ৰিলায়েঞ্চে মুখ্যতঃ ডিজিটেল ট্রেন্সফর্মেচন, এআই ৰেডিয়েচন আৰু হোটেলত বিনিয়োগ কৰিব। গুৱাহাটীত ৰিলায়েঞ্চে এখন ছেভেন ষ্টাৰ হোটেল নিৰ্মাণৰ প্ৰস্তাৱ দিছে। একে সময়তে ৰিলায়েঞ্চে এআই ৰেডিয়েচনৰ জৰিয়তে এক বৃহৎ ডাটা চেণ্টাৰ স্থাপন কৰিব আৰু এটা গ্ল’বেল কাষ্টমাৰ কেয়াৰ (জিচিচি) স্থাপনৰ কথাও উল্লেখ কৰিছে। ইয়াৰ দ্বাৰা বহু নিযুক্তিৰ সম্ভাৱনাৰ সৃষ্টি হ’ব। আনহাতে স্বাস্থ্য খণ্ডত বৃহৎ বিনিয়োগৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই জানিবলৈ দিয়ে যে গুৱাহাটীক মেডিকেল হাব হিচাপে তুলি ধৰিবলৈ মেডান্ট মেডিচিটীয়ে ৫০০ কোটি টকা ব্যয়েৰে এখন অত্যাধুনিক চিকিৎসালয় স্থাপন কৰিব। এই চিকিৎসালয় হ’ব লিভাৰ ট্রান্সপ্লান্ট চিকিৎসালয়। বর্তমান লিভাৰ ট্রান্সপ্লাণ্টৰ চিকিৎসাৰ বাবে ৰাজ্যখনৰ বহু ৰোগীয়ে হায়দৰাবাদ, দিল্লীলৈ গৈ বহু খৰচ কৰিবলগীয়া হয়। এই চিকিৎসালয়খন স্থাপন হ’লে ৰোগীসকলৰ বাবে যথেষ্ট সকাহ হ’ব। একে সময়তে মেডান্ট মেডিচিটীয়ে ২০০ কোটি টকা ব্যয়েৰে শিশু আৰু মাতৃৰ বাবে আন এখন চিকিৎসালয় স্থাপন কৰিব। এই চিকিৎসালয়খনৰ লগতে থাকিব এখন হোটেল। চিকিৎসালয়লৈ অহা ৰোগীৰ অভিভাৱকে কম খৰচতে হোটেলত থকা-খোৱাৰ সুবিধা কৰিব পাৰিব। প্রায় ১৫-২০ বিঘা মাটিত নির্মাণ কৰিবলগা এই চিকিৎসালয়খনৰ কলকাতা, ভুবনেশ্বৰ আদিৰ পৰাও চিকিৎসাৰ বাবে আহিব লোক। কার্যতঃ ইয়াৰ জৰিয়তে ৰাজ্যত গঢ়ি উঠিব এক মেডিকেল টুৰিজম। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা অনুসৰি এডভান্টেজ আছাম ২.০ত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও মন্ত্রালয়ে বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছে। উদাহৰণস্বৰূপে- ৰে’ল মন্ত্রালয়ে গুৱাহাটী ৰে’ল ষ্টেচনৰ উন্নীতকৰণৰ বাবে ৩০০ কোটি টকাৰ কথা ঘোষণা কৰিছে। কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে মুঠ ৭,২০০ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰিছে। একেদৰে কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ১,২০০ কোটি টকাৰ বিনিয়োগ, হৰদ্বীপ সিং পুৰীয়ে ১,৫০০ কোটি টকাৰ বিনিয়োগ, সর্বানন্দ সোণোৱালে ৪,৮০০ কোটি টকাৰ কথাও উল্লেখ কৰিছে। আদানি গ্ৰুপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, গৌতম আদানিয়ে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। আদানি গ্ৰুপৰ কাম ইতিমধ্যে অসমত চলি আছে। আদানি গ্রুপে এয়াৰপ’ৰ্টৰ লগতে এৰ’চিটী নিৰ্মাণৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত এৰ’চিটী নিৰ্মাণ হ’লে বৃহৎ বৃহৎ বিনিয়োগসমূহ আন চহৰৰ পৰিৱৰ্তে গুৱাহাটীলৈ আহিব। ফলত পৰ্যটনৰ লগতে অর্থনৈতিক দিশতো ৰাজ্যখনত হ’ব ব্যাপক পৰিৱৰ্তন।