এডভাণ্টেজ আছাম ২.০ – এখন বিকশিত ভাৰতৰ বাবে বিকশিত অসমৰ দিশত এক নতুন যুগৰ সূচনা”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Pc Wikipedia

এডভাণ্টেজ আছাম ২.০ – এখন বিকশিত ভাৰতৰ বাবে বিকশিত অসমৰ দিশত এক নতুন যুগৰ সূচনা”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ঔদ্যোগিক খণ্ডত নৱজাগৰণৰ সূচনাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  গুৱাহাটীত শুভ উদ্বোধন কৰা ‘এডভাণ্টেজ আছাম ২.০’ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনত লগতে উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। “এই সন্মিলনে ৰাজ্যখনৰ ঔদ্যোগিক প্ৰেক্ষাপটক অধিক শক্তিশালী কৰি তুলিব বুলি আমি দৃঢ় বিশ্বাসী। মোদী ডাঙৰীয়াৰ ৰূপান্তৰৰ সবল দৃষ্টিভংগী আৰু অসমত নিহিত হৈ থকা অপৰিসীম সুযোগ-সম্ভাৱনা তথা শক্তিয়ে প্ৰগতিৰ এক নতুন অধ্যায় লিপিবদ্ধ কৰিবলৈ সাজু হৈছে, যিয়ে আমাৰ ৰাজ্যখনক উদ্যোগ, উদ্ভাৱন, বাণিজ্য আৰু প্ৰতিভাৰ এক নতুন প্ৰাণকেন্দ্ৰ হিচাপে বিশ্বৰ মানচিত্ৰত উজলাই তুলিব।”, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে।