এটি দীৰ্ঘশ্বাস
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
এটি দীৰ্ঘশ্বাস,,
এবুকু আক্ষেপ,
চিনা পথত অচিনাকী মানুহৰ কোলাহলত
ভুল বোৰ আৰু শুধৰণি কৰাৰ
সময় বা ইচ্ছা নহ’ল।
দিনমণিৰ ৰঙা কিৰণত,
সন্ধ্যাৰ ধূসৰ আৱৰণত
অল্প অল্প কৰি বৈ যায়
সময়ৰ বেলি ঘড়ী ,,
শেষ হৈ যায় জীৱনৰ সময়।
অপ্ৰাপ্তি আৰু ব্যৰ্থতাৰ তাগিদাত
এনেকৈ কি শেষ হৈ যায়
জীৱনৰ অধ্যায়,?
তিল তিলকৈ বাঢ়ি যায়
মোৰ বয়স,,,,
কঠিন হয় লাহে লাহে
নীৰৱতা অৱলম্বন কৰা মোৰ হৃদয়।
সন্ধিয়াৰ পশ্চিম আকাশত বেলিটোৱে
সঁকিয়াই দিয়ে,
মই অন্য এটা দিন সুন্দৰ ভাৱে
অপচয় কৰিলোঁ,
জীৱন নামৰ উপন্যাসৰ পৰা।
হেৰাই পেলালোঁ।
আকৌ
পুৱাৰ বেলিয়ে সোঁৱৰাই দিয়ে,
যোৱাটো গ’ল,
আজিৰ দিনটোক আশাবাদী কৰি লোৱা।
সাৰ্থকতাৰ চেষ্টা কৰা।
যোৱাবোৰ নাভাৱি বৰ্তমানৰ
চিন্তা কৰা।
দুদিনীয়া জীৱনটো সুন্দৰকৈ
উপভোগ কৰা।
নাই ভৰষা এই মায়াময়ী জীৱনৰ
কেতিয়া যে এৰিব লাগিব ধৰা
কোনেও নাজানে কি হ’ব আগলৈ
সকলো মহিমা যে কেৱমাত্ৰ
অদৃশ্য জনৰ।