এটি জীপাল সন্ধিয়াৰ অনুভৱ
পাৰুল বৈশ্য
গুৱাহাটী
“কবি আৰু কবিতা” (Public group) গ্ৰোপৰ এডমিন্ মহোদয়,ধৰ্মেন্দ্ৰ বৰা ডাঙৰীয়াৰ উদ্যোগত ৮। ৬।।২০২১ তাৰিখৰ আবেলিটো সকলো কবিতাপ্ৰেমীৰ মাজত জীপাল হৈ উঠিল। বৰ্তমান পৰিবেশত আমি বোৰে নিজৰ নিজৰ মোবাইলৰ ভিতৰতে পৃথিৱী খন চাবলৈ প্ৰয়াস কৰিছো। যোৱাবাৰ লক-ডাউনৰ পৰা এই গ্ৰুপৰ মই সদস্য হিচাপে থাকি গৌৰৱ অনুভৱ কৰিছো।এডমিন্ মহোদয়ে ন-পুৰণি কবি সকলৰ কবিতাৰে ইতিমধ্যে তিনিখন কবিতা পুথি প্ৰকাশ কৰি, আমাৰ মাজত কবিতা স্পৃহা বঢ়াবলৈ চেষ্টা কৰা বাবে তেওঁলৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা।
প্ৰথম কবিতা পুথি -“হেঁপাহ”-(১ম খণ্ড),দ্বিতীয় কবিতা পুথি-“হেঁপাহ “(২য় খণ্ড),তৃতীয় কবিতা পুথি-” ফাগুন” আৰু চতুর্থ কবিতা পুথিৰ কাম চলি আছে। সকলো সদস্যকে এনেদৰে আগবঢ়াই নি তেওঁলোকৰ অনুভৱি কবিতা বোৰ পুথিৰ মাজত লিপিৱদ্ধ হোৱা বাবে আমি সকলোৱে বহুত সুখী।ক’ৰনা নামৰ ভয়ানক ভাইৰাছ টোৱে এইবাৰ বৰা-দেৱক খুব বেয়াকৈ আক্রমণ কৰিছিল। জীৱন আৰু মৃত্যুৰ লগত যুজি যুজি বৰ্তমান কিছু সুস্থ হৈ উঠিয়ে ,৮। ৬।।২০২১ তাৰিখে আবেলি ৩ বজাত Goggle meet ত কবিসকলৰ লগত কবিতা পাঠ অনুষ্ঠান এটি পৰিচালনা কৰে। অসমৰ বিভিন্ন ঠাইৰ পৰা কবিসকলৰ কবিতা পাঠৰ লগতে তেওঁলোকৰ অবয়ব স্কিনত দেখা পাই বহুত ভাল লাগিছিল। তাতোকৈ ডাঙৰ কথা হ’ল – কবিতাৰ বিশ্লেষক হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক, কবি মাননীয় দিবাকৰ ৰেণু দেৱ। তেখেতে প্ৰতিটো কবিতা সুন্দৰকৈ শুনি প্ৰতিটোৰে বিশ্লেষণ দাঙি ধৰাটো তাৎপৰ্য্যমূলক আছিল।
সেয়েহে মই সকলোকে অনুৰোধ কৰো এই দুঃসময়ৰ দুচিন্তাৰ পৰা অলপ আতৰি আহি এনেকুৱা আদৰ্শ মূলক পদক্ষেপ গ্রহণ কৰি অলপ আনন্দৰ নিজৰাত তিতি-বুৰি সাহিত্যিৰ ৰসাস্বাদন কৰক।