“এটা প্ৰেমৰ কবিতা” -হেমন্ত কুমাৰ শইকীয়া

pc-printrest

“এটা প্ৰেমৰ কবিতা”
-হেমন্ত কুমাৰ শইকীয়া

অপৰাজিতা,
তোমাক লগ পোৱাৰ আগত বুজা নাছিলো
এই নিসংগতা কি?
কি এই যন্ৰণা?

অপৰাজিতা,
তোমাৰ প্ৰেমৰ সঘন ঘাতত পৰ্বতৰ শিলাখণ্ড ৰপান্তৰিত হয়

সুন্দৰ ভাস্কৰ্য্যলৈ আৰু সাগৰৰ ঢৌবোৰে উলাহতে সাবটিব খোজে আকাশ ।

অপৰাজিতা,
তোমাৰ প্ৰেমৰ সৰগীয় মাদকতাত হেৰুৱালো মৰ্ত্যৰ ঠিকনা,
জীৱন কিম্বা মৃত্যুৰ সংজ্ঞা ।

অপৰাজিতা,
মইতো নহয় কোনো যাযাবৰী ভ্ৰমৰ মৌ পান কৰি পাহৰিম তোমাক

পাতসীয়াৰ দৰে তোমাৰ মৰমৰ পাতে পাতে সী ল’ম প্ৰেমৰ যুগমীয়া আলয় ।