এটা কবিতাকে লিখোঁ – প্ৰাণ প্ৰতিমা বড়া

এটা কবিতাকে লিখোঁ

প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী

অনুভৱৰ টোপোলাটি আলফুলে মোকোলাই ল’লোঁ
এটা কবিতাকে লিখোঁ,
হৃদয়ৰ নিৰ্ভৃতকোণৰ অনুভূতিবোৰক
ৰং তুলিকাৰে
বগা কাজগত নীলাৰে সামৰোঁ,
এটি কবিতাকে লিখোঁ৷
কিন্ত কবিতা কিহকলৈ লিখোঁ?
হৰ্ষ বিষাদৰ নে ৰং তামাচাৰ?
উহো নিখিলোঁ
আকাশত চাং পতা অনুভৱ এটিকে আঁকি লওঁ
আৱেগৰ লোতেকেৰে……
আকাশৰ বহল বুকুত
নিজকে লুকুৱাওঁ,
অসম্ভৱৰ দলিছাত
আৱেগৰ ফুল সিঁচো,
আকাশৰ জানো নিজা আলয় আছে?
জীয়া শিলৰ বুকুত অভিমানবোৰে
আক্ষেপ কৰে সঘনাই,
উচুপে নীৰৱে
পাহাৰৰ সীমনাত ,
অন্তঃসলিলা দুখবোৰ জিলিকি উঠে
প্ৰকৃতিৰ সেউজীয়াৰ বুকুত,
মদৰুৱা আবেলিৰ সান্নিধ্যত
কৃষ্ণচূড়ায়ে কজলা ৰঙকে সামৰে,
কিমান নিষ্ঠুৰ নিয়তীৰ পৰিহাস
সময়ে নীৰৱে উচুপে,
অৰণ্যৰ সপোনবোৰে বগোৱা বাই
সেউজীয়াৰ  বুকুত,
এপাহি প্ৰেমৰ ৰঙা গোপালৰ হেপাঁহত….”