এজন পুৰুষৰ নাৰী দিৱসৰ শুভেচ্ছা
উৎপল কলিতা
সহযোগী অধ্যাপক
ঢেকিয়াজুলি
বেয়া নেপাবা,,,
নাৰী দিৱসত তোমাক
শুভেচ্ছা জনাব নোৱাৰিলো,
মাথো নাৰী হিচাপে,
শুভেচ্ছা জনালো
এজন মানুহ হিচাপে,
তুমি ভালে থাকা
মোকো ভালে ৰাখা ,
তুমি ভালে থাকিলে যে
ময়ো ভালে থাকিম।
স্বীকাৰ কিয়নো নকৰিম,
বঞ্চনাৰ ইতিহাসত
বঞ্চনাৰ দলিলত
প্ৰথম পৃষ্ঠাতে
তোমাৰ নাম,
পলে পলে যুজ তোমাৰ
অমানুহৰ সৈতে,
অমানুহ মানেই পুৰুষ বুলি
তুমি নকবা,
সমতাৰ যুজত তোমাৰ
কাষতেইটো সহমৰ্মী
সহযোদ্ধা আমি মানুহ
বহুতো পুৰুষ ,
বহুতো নাৰী আছিল
সমতাৰ বৈৰী ,
লাও সদায় পাতৰ তল বুলি
ৰাওচি জোৰা নাৰীও আছিল,,,
অমানুহ, সুবিধাবাদী।
নাৰী তুমি অৰ্দ্ধ আকাশ
বুলিলে জানো
আকাশ দুফাল কৰাটো বুজাব,
অথবা বুজাব নেকি
নিলগাই ৰখা,
আকাশক জানো
দুভাগ কৰিব পাৰি,
জীৱন্ত একেটা দেহকে জানো
কৰিবা দুভাগ?
একেই আকাশ, একেই নিৰ্যাস
একেটা দেহৰে দুভাগ
সোহাত বাওহাত,
হিয়াখন এখনেই থাকে,
হিয়াইহে ঠিক কৰে
মানুহৰ সংজ্ঞা,
পৰিপূৰকতাৰ ভেটি,
আগবাঢ়ে চৰাচৰ
আগবাঢ়ে সমাজ
আগবাঢ়ে বিশ্বৰ সমগ্ৰ সৃষ্টি।
বক্ষবন্ধনীৰ পৰা মুক্তিৰ প্ৰতিবাদ
মানে জানো নাৰীস্বাধীনতা ,
নাৰীস্বাধীনতা থাকে
মজুৰী ভোটাধিকাৰৰ
লিংগবৈষম্যৰ প্ৰতিবাদত,
পণ্য হৈছে নাৰী
প্ৰতিবাদ কৰো
এজন মানুহ হিচাপে,
ধৰ্ষিতা হৈছে নাৰী
প্ৰতিবাদ কৰো
এজন মানুহ হিচাপে,
কাষতে আছো আমি
এজন মানুহ হিচাপে।
বঞ্চনাৰ যুজখন চিৰায়ত
এফালে মানুহ আনফালে অমানুহ,
অমানুহৰ নেথাকে ভেদ
পুৰুষ বা নাৰী
থাকে সীমাহীন লালসা
যুগ যুগ ধৰি।
নাৰীদিৱসত তোমাক শুভেচ্ছা যাচিলো
এজন মানুহ হিচাপে,
তুমি ভালে থাকা
মোকো ভালে ৰাখা,
নিজকে নিজে মই এতিয়া
শুভেচ্ছা যাচিম,
তুমি ভালে থাকিলে যে
ময়ো ভালে থাকিম
তুমি ভালে থাকিলেহে
ময়ো ভালে থাকিম।