এছ ইউ চি আই(কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠা দিৱস পালন

এছ ইউ চি আই(কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠা দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- এছ ইউ চি আই(কমিউনিষ্ট) দলৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বাৰ্ষিকী দিৱস উপলক্ষে  দলৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত গুৱাহাটীৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ৰাজ্যভিত্তিক জনসভা অনুষ্ঠিত হয়। সভাত প্ৰধান বক্তা হিচাপে বক্তব্য ৰাখে দলৰ পলিটব্যুৰো সদস্য, প্ৰখ্যাত জননেতা কমৰেড অসিত ভট্টাচাৰ্য্য’ই। সভাপতি হিচাপে সভা পৰিচালনা কৰে দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটীৰ সদস্য কমৰেড চন্দ্ৰলেখা দাসে।প্ৰধান বক্তা কমৰেড অসিত ভট্টাচাৰ্য্য’ই তেওঁৰ বক্তব্য প্ৰসঙ্গত কয় যে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আপোচহীন ধাৰাৰ মহান নেতা, এই যুগৰ অন্যতম শ্ৰেষ্ঠ মাৰ্ক্সবাদী দাৰ্শনিক আৰু চিন্তানায়ক, সৰ্বহাৰাৰ মহান নেতা কমৰেড শিবদাস ঘোষে আমাক দেখুৱালে যে,দেশৰ স্বাধীনতাৰ মাজেৰে ৰাজনৈতিক‌ স্বাধীনতা অৰ্জন হ’ল যদিও জনসাধাৰণৰ ইপ্সিত গণমুক্তি অপূৰিত থাকিল আৰু দেশত প্ৰতিষ্ঠা হ’ল শোষণমূলক পুঁজিবাদী ব্যৱস্থা। আজি জনজীৱনৰ সকলো দিশত দেখা দিয়া শ্বাসৰুদ্ধকাৰী সমস্যা সমূ্হৰ মূল কাৰণেই হৈছে এই পুঁজিবাদী শাসন-শোষণ ব্যৱস্থা। কমৰেড শিবদাস ঘোষে আৰু ব্যাখ্যা দাঙি ধৰিলে যে সিদিনা কমিউনিষ্ট নামলৈ গঢ়ি উঠা দল চি পি আই দলটো প্ৰকৃত কমিউনিষ্ট দলৰ হিচাপে গঢ়ি উঠিব নোৱাৰা বাবেই স্বাধীনতা আন্দোলনৰ পৰা বুৰ্জোৱা নেতৃত্বৰ ঠাইত নিজৰ নেতৃত্ব প্ৰতিষ্ঠাত ব্যৰ্থ হোৱাৰ বাবেই ভাৰতৰ জনজীৱনত পুঁজিবাদৰ এই অভিশাপ নামি আহিব পাৰিলে।সেয়ে, অপূৰিত গণমূক্তিৰ সপোন পূৰ্ণ কৰিবলৈ হ’লে পুঁজিবাদী ব্যৱস্থাক উচ্ছেদ কৰি শোষণহীন সমাজতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন দেশত সঠিক তত্বৰ ভিত্তিত সঠিক কমিউনিষ্ট পাৰ্টি গঢ়ি তোলা। এই ঐতিহাসিক দায়িত্ব পালনৰ দায়িত্ব কান্ধত তুলি লৈ ২৫ বছৰীয়া যুৱক শিবদাস ঘোষে ১৯৪৮ চনৰ ২৪ এপ্ৰিল তাৰিখে গঢ়ি তোলে এছ ইউ চি আই(কমিউনিষ্ট)ক। অতি কম সংখ্যক অনুগামীৰে সৈতে গঠিত এছ ইউ চি আই(কমিউনিষ্ট) আজি ইয়াৰ সঠিক ৰাজনৈতিক লাইনৰ বাবে দ্ৰুত দেশৰ চুকে কোণে বিয়পি পৰিছে। বিপৰীতে, কমিউনিষ্ট নামধাৰী সিদিনাৰ দলবোৰ সঙ্কুচিত হৈ গৈ আছে। কমৰেড ভট্টাচাৰ্য্য’ই গণমুক্তি অৰ্জনৰ লক্ষ্যত এছ ইউ চি আই(কমিউনিষ্ট)ক শক্তিশালী কৰিবলৈ আগবাঢ়ি অহাৰ বাবে সকলো অংশৰ মেহনতী জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। সভাত অত্যাৱশ্যকীয় সামগ্ৰীৰ লেকামহীন মূল্যবৃদ্ধি, ৰাজ্যত মদ আৰু মাদক দ্ৰব্যৰ ব্যাপক প্ৰসাৰ, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ ষড়যন্ত্ৰ আৰু অবাধ হত্যাকাণ্ডৰ বিৰুদ্ধে এটি প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়।পুৱা দলৰ ৰাজ্যিক কাৰ্যালয়ত ৰক্ত পতাকা উত্তোলনৰ মাজেৰে প্ৰতিষ্ঠা দিৱস পালনৰ আৰম্ভ হয়।