এছিয়ান মহিলা হকী চেম্পিয়নছত খিতাপ অৰ্জন ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ ঐতিহাসিক চহৰ ৰাজগীৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত খিতাপ অৰ্জন কৰে ভাৰতীয় মহিলা হকী দলে। ফাইনেলত ভাৰতীয় দলটোৱে প্ৰতিদ্বন্দ্বী চীনক ১-০ গ’লত পৰাস্ত কৰে। অৱশ্যে পেনাল্টী কৰ্ণাৰত ব্যৰ্থ প্ৰচেষ্টাৰ পাছত দীপিকাই ৰিভাৰ্ছ হিটেৰে গ’ল প্ৰদান কৰে। প্ৰতিযোগিতাত খেলুৱৈগৰাকীৰ এয়া আছিল ১১সংখ্যক গ’ল৷ প্ৰথমাৰ্ধত চীনে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাৰতক কোনো গ’ল প্ৰদানৰ সুযোগেই নিদিলে। এই সময়ত ভাৰতে চাৰিটা পেনাল্টী কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে চীনে লাভ কৰে দুটা পেনাল্টী কৰ্ণাৰ। এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখন আৰম্ভ হোৱাৰ ৩ ঘণ্টা পূৰ্বৰে পৰা ষ্টেডিয়াম ভৰি পৰিছিল দৰ্শকৰে।খেলখন স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত হয় কোৰিয়া, জাপান আৰু মালয়েছিয়াৰ দলসমূহ৷ খেলখনৰ সময়ত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিহাৰৰ জলসম্পদ তথা জিলাখনৰ প্ৰভাৰী মন্ত্ৰী বিজয় কুমাৰ চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।