‘এক দেশ এক নিৰ্বাচন’ বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 

‘এক দেশ এক নিৰ্বাচন’ বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশত একে সময়তে নির্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰচনা কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ অভিলাষী পদক্ষেপ ‘এক দেশ এক নির্বাচন’ বিধেয়কখনত কেন্দ্রীয় কেবিনেটে  অনুমোদন জনায়।  সংসদৰ চলিত অধিৱেশনতে ‘এক দেশ এক নির্বাচন’ বিধেয়ক মোদী চৰকাৰে দাখিল কৰিব পাৰে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে। আনকি চৰকাৰৰ বিশ্বস্ত সূত্ৰই দাবী কৰিছে যে চলিত শীতকালীন অধিৱেশনতে সংসদত এই বিধেয়ক চৰকাৰে দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, চলিত বছৰত লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত ‘এক দেশ এক নির্বাচন’ৰ বিষয়টোক লৈ মন্তব্য কৰিছিল মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সঘনে হৈ থকা নিৰ্বাচনৰ ফলত দেশৰ উন্নয়নমূলক কামত বাধাৰ সৃষ্টি হয়। নৰেন্দ্ৰ মোদীৰ দাবী আছিল যে সমগ্র দেশে ‘এক দেশ এক নির্বাচন’ প্রক্রিয়াক সমর্থন কৰিছে। সকলো ৰাজনৈতিক দলে এই বিষয়টোক সমর্থন জনোৱা উচিত বুলি নৰেন্দ্ৰ মোদীয়ে ভাষণত উল্লেখ কৈছিল। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভাষণৰ পিছতে চর্চা চলিছিল যে এনডিএ চৰকাৰৰ চলিত কাৰ্যকালতে কাৰ্যকৰী হ’ব ‘এক দেশ এক নির্বাচন’ৰ বিধি। চৰকাৰে সঘনে এই বিষয়টোত যুক্তি দর্শাই আহিছে যে ‘এক দেশ এক নির্বাচন’ ব্যৱস্থা বলবৎ হ’লে নিৰ্বাচনত যি বিপুল অংকৰ ধনৰ খৰচ হৈ থাকে, সেয়া যথেষ্ট হ্রাস পাব। ‘এক দেশ এক নির্বাচন’ৰ বাস্তৱতাক বিচাৰ কৰি চাবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে। যোৱা মার্চ মাহত সেই কমিটীয়ে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ দ্রৌপদী মুৰ্মৰ ওচৰত প্রতিবেদন জমা দিয়ে। এই প্রতিবেদনত ‘এক দেশ এক নির্বাচন’ৰ পক্ষত সন্মতি প্রকাশ কৰা হৈছে। অৱশ্যে বিৰোধী দলসমূহে আৰম্ভণিৰে পৰা ‘এক দেশ এক নির্বাচন’ৰ বিৰোধিতা কৰি আহিছে। বিৰোধী নেতাসকলে অভিযোগ কৰিছে যে এই নীতিৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰে ব্যৱস্থা দেশত বলৱৎ কৰিব বিচাৰিছে মোদী চৰকাৰে। এনে ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় গাঁথনি আৰু সংসদীয় গণতন্ত্ৰৰ পৰিপন্থী বুলি যুক্তি দর্শাই আহিছে বিৰোধী নেতাসকলে। লক্ষণীয়ভাৱে ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটীয়ে প্রতিবেদনত লোকসভা আৰু বিধানসভা নির্বাচন একে সময়তে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আনকি পঞ্চায়ত আৰু পৌৰ নিৰ্বাচনৰ দৰে আঞ্চলিক নির্বাচনসমূহো একেই সময়তে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বিৰোধী দলসমূহে পূৰ্বৰে পৰা এইক্ষেত্ৰত আপত্তি দর্শাই আহিছে। কেন্দ্রীয় মন্ত্রীসভাই এই প্রস্তাৱত অনুমোদন জনোৱাৰ লগে লগে ইয়াৰ বিৰোধ কৰিছে কংগ্রেছ, তৃণমূল কংগ্রেছ (টিএমচি), চিপিআই (এম) সহ বিভিন্ন বিৰোধী দলে। টিএমচি নেত্রী মমতা বেনার্জীয়ে মন্তব্য কৰিছে যে ‘এক দেশ এক নির্বাচন’ বিধেয়ক অসাংবিধানিক আৰু যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ পৰিপন্থী। বিৰোধী নেতৃত্বৰ লগতে বিশেষজ্ঞসকলে এই নির্বাচন ব্যৱস্থাক লৈ উদ্বেগ প্রকাশ কৰা সত্ত্বেও কেন্দ্ৰই তাক গুৰুত্ব নিদিয়া বুলি অভিযোগ কৰিছে বেনাৰ্জীয়ে। ইফালে কংগ্ৰেছ আৰু চিপিআই(এম) ৰ তৰফৰ পৰাও এই বিধেয়ক অসাংবিধানিক হ’ব বুলি মন্তব্য কৰিছে।