এক্সিটপল প্ৰচাৰ কৰাত আৰোপ কৰিছে নিষেধাজ্ঞা

এক্সিটপল প্ৰচাৰ কৰাত আৰোপ কৰিছে নিষেধাজ্ঞা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৮ মাৰ্চ, ২০২৪ তাৰিখে এখন অধিসূচনা জাৰি কৰি জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ অনুসৰি ছপা, বৈদ্যুতিন বা কোনো প্ৰচাৰ মাধ্যমতে লোক সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰে পৰা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ আধা ঘণ্টা পিছলৈকে ‘এক্সিট প’ল’ প্ৰকাশ বা প্ৰচাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ সেই অনুসৰি অহা ১ জুনৰ সন্ধিয়া ৬.৩০ বজাৰ পূৰ্বে কোনো প্ৰচাৰ মাধ্যমে ‘এক্সিট প’ল’ প্ৰচাৰ বা প্ৰকাশ কৰিব নোৱাৰিব৷ এই নিষেধাজ্ঞা ভংগ কৰিলে জৰিমনা বা দুবছৰ পৰ্যন্ত কাৰাবাস বা দুয়োটা শাস্তি বিহা হ’ব বুলি জনপ্ৰতিনিধিত্ব আইনত উল্লেখ আছে।সকলো সংবাদ মাধ্যমকে জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ এই ধাৰা মানি চলিবলৈ আহ্বান জনোৱা হৈছে৷