একুৰা জুইৰ বতাহ – ইভা গন্ধীয়া ফুকন

pc Pixels
একুৰা জুইৰ বতাহ
 ইভা গন্ধীয়া ফুকন
মেঘবোৰ টুকুৰা- টুকুৰ হৈছিল
বতাহজাকে দুৱাৰবোৰ খুলি দিছিল
পুখুৰীৰ পানীত পদুমে হাঁহিছিল
সেউজীয়া পাহাৰটোৰ ওপৰেৰে
উৰি গৈছিল এজাক বনৰীয়া হাঁহ
বাঁহৰ পাতত ঝৰ- ঝৰাই আছিল
এটা বিষন্ন গধূলিয়ে
নিঃসংগতাই যে কান্দিব পাৰে
সিদিনাহে বুজিছিলো
তোমাৰ হাতখন মেলি দিছিলা
আঙুলিৰ ফাকেৰে সৰি পৰিছিল মেঘৰ টুকুৰা
চকুত নাই তৰালীৰ আকাশ
ফুলৰ চানেকিত নাই চন্দ্ৰবদন গ্ৰাস
মনৰ তেজাল ছবি
ছাঁয়াগ্ৰহত মুঠেই নাই
কলমত নাই নীলা চিয়াঁহীৰ পিয়াহ
অভাজন ক্ষণৰ সৃষ্টি
এটি অভং কবিতাৰ আটাহ
ভয় -শংকা ,প্ৰেম – স্পৰ্শ, দয়া- ঘৃণাৰ মাজত
তুমি নিজকে ৰমন কৰিছা
তোমাৰ হাতেৰে জৰাজীৰ্ণ ঘৰবোৰ গঢ়ি দিছিলা
চাকি জ্বলাই দিছিলা আন্ধাৰত
যদিও আমি ইজনে সিজনৰ মুখবোৰ
চিনি পোৱা নাছিলোঁ
একুৰা জুইৰ বতাহত
তুমি হাঁহি এটা মাৰিছিলা
মই তোমাক দেখিলোঁ
এজাক পখিলাৰ মাজত
তুমি কি বুজিবা
মৌ মিঠা ঔ ফুলিয়া
মন জুৰণীয়া মায়াৱী মনৰ প্ৰেম  !!