একান্ত ব্যক্তিগত ফাগুন: সাহিত্যৰ কেনভাচত – সংগীতা বৰুৱা

একান্ত ব্যক্তিগত ফাগুন: সাহিত্যৰ কেনভাচত 
সংগীতা বৰুৱা, গুৱাহাটী

এখন উদং আৰু শূণ্য পথাৰ,  এজোপা উলংগ গছ আৰু  অগণিত ধূলিৰে ধূসৰিত এখন বৃদ্ধ আকাশ…. কেনেকৈ আৰম্ভ কৰোঁ ফাগুনৰ স্তৱক? ক’ৰ পৰা আৰম্ভ কৰোঁ?

“আহঃ ! পলাশ কি ফুলিল
জৌ – জৌকৈ সৰি পৰিল ফাগুনৰ ৰং
দেহে – মনে – প্ৰাণে আজি তাৰেই আহত নাচোন !”

ক’ৰ পৰা আৰম্ভ হয় ফাগুনৰ যাত্ৰা? ফাগুন কেৱল বৰণ সলোৱা ঋতু হৈয়ে সীমাবদ্ধ থাকেনে? উতলা বতাহত উৰি ফুৰা সৰাপাতত কি নাছিল সেউজীয়াৰ ঠিকনা? তেন্তে সৰাপাততে লিখা থাকে নেকি ফাগুনৰ ঠিকনা?
“হালধীয়া সৰাপাতৰ সৈতে জনমযুৰীয়া
ইচ্ছাপত্ৰ ফাগুনে তেনেকৈয়ে লিখিছিল !”
ফাগুন এক উৎযাপন। এক দীঘলীয়া নানাৰঙী উৎযাপনৰ নাম ফাগুন। আলি-আঃয়-লৃগাং, সৰস্বতী পূজা, ফাকুৱা, প্ৰেমৰ দিৱস উৎযাপনৰ পৰা কিমান কি যে আয়োজন ফাগুনৰ। জীৱনত ৰং বিয়পাব পৰাকৈ পূৰ্ণ নে ফাগুন? নে শূণ্যতাৰ সৈতে স্ব-সত্ত্বাক বিলীন কৰিব পৰাকৈ উদাৰ ?
“তুমি মোৰ ৰূপহী সন্ধিয়াৰ ধোঁৱাৰঙী আকাশীলতাৰ ফুলপাহ !”
“এছাটি বতাহে চুই গ’ল মোৰ ৰ’দে ধোৱা দেহা ।
এটুকুৰা ফাগুন যেন ভৰি যোৱা কোলা !
তুমি বতাহৰ বা, মই ফাগুন !”
ফাগুন ভালপোৱাৰ এক নিৰ্জন প্ৰাৰ্থনা। নে শক্তিশালী সত্ত্বাৰ নাম ফাগুন য’ত প্ৰচণ্ড শব্দহীনতাৰ মাজতো এক বিপুল আয়তনৰ শব্দই ভৰাই ৰাখে চৌপাশ। নিৰ্মম চিৎকাৰ হৈ ঠন ঠনাই ভাঙি পৰে শব্দৰ সমদল। কবিৰ কাব্যিকতাৰ প্ৰৱল প্ৰকাশত ঠুনুক কৈ ভাঙি পৰে হৃদয়।
“অশান্ত পচোৱা ! অশান্ত মোৰ মনদোলা
অ’ মতলীয়া ফাগুন !
বৰষুণ হৈ নামি আহ’ গুণগুণ !”
ফাগুন ৰঙীন। আবিৰৰ দৰে ৰঙীন। পলাশ মদাৰৰ দৰে, শুকান হৃদয়ৰ প্ৰতিটোপাল ৰক্তৰ দৰে ৰঙা। সেই বাবেই কি ফাগুনৰ প্ৰতীকি ৰং ৰঙা? কোনে কলে? ফাকুৱাৰ সৈতে, আবিৰৰ দৰে চৌফালে ৰং ছতিয়াই উৰি ফুৰে ফাগুন। সেয়ে ফাগুন ভিন্নৰঙী, ভিন্নতাৰ পৰিচায়ক।
“মোৰ প্ৰতিটো উশাহৰ সৈতে ফাগুনৰ নিবিড় একাত্মীয়তা !
আকৌ এবাৰ মোক চুই যা ফাগুন …..
শাত পৰক মোৰ অশান্ত মন, তোৰ অশান্ত উদৰত অপূৰ্ব প্ৰাপ্তি !”
ফাগুন শূন্যতা। ফাগুন ধূলিৰে ধূসৰিত এক বিদীৰ্ণ পৃষ্ঠা যাৰ আৰম্ভণি কিম্বা শেষ পৃষ্ঠা বহু যোজন কোটি বছৰৰো আগতে হেৰাই গৈছে। এতিয়া এক ধূসৰিত পৃষ্ঠাৰ এটা অসম্পূৰ্ণ কাহিনী মই সাৱটি ধৰিছোঁ, কেৱল ফাগুনৰ বাবেই নে ভালপোৱাৰ দীঘলীয়া বাটত ভালপোৱাক লগ পাবলৈ ? এটি জীৱন নামৰ চূড়ান্ত জীয়া কাহিনীক মোৰ মাজত পালন কৰি আছোঁ কৰ্তব্য, নিষ্ঠা আৰু দায়িত্বৰ মেৰপাকত । লাহে লাহে সূৰ্যাস্তৰৰ দৰে জীৱনৰ পৰাও আঁতৰি গৈ আছে বহু প্ৰাকৃতিক স্তৰ , সময় আৰু সোঁৱৰণ।
“পাতৰ আঁৰতে লুকাই থাকিল পাহাৰীয়া বিয়লি বেলি
কেনেকৈ ঢুকি পাম তোক মোৰ কঙাল দুহাত মেলি ?”
ফাগুন চঞ্চল। ফাগুন মাতাল। ফাগুন উন্মাদ। এক বিশৃঙ্খল পৰিকল্পনাহীন প্ৰয়োজনৰ নাম ফাগুন। য’ত কাৰো কতো এক বিন্দুত মিলিত হোৱাৰ কোনো বিশেষ লক্ষ্য বা উদ্দেশ্য নাই। দেহ, মন, মগজু , বিবেক, আত্মা আৰু অন্তৰ: কোনেও কতো এক বিন্দুত মিলিত হোৱাৰ কোনো গোপন বুজা বুজিৰ প্ৰয়োজনবোধ নকৰে। ফাগুনে প্ৰেমৰ দৰ্শন কৰিবলৈ শিকাই, এতিয়া বতাহক সুধিলে:
“মতলীয়া ফাগুণী বা’
তই জানো জান মোৰ সেন্দুৰী প্ৰেয়সীৰ ঠিকনা !”
ভাললগাৰ এক বিশেষ অনুৰাগৰ নাম ফাগুন। অনুৰাগ থাকিলেই ফাগুন হ’ব পৰাকৈ স্বাধীন নে ভালপোৱাৰ চিৰন্তন অনুশীলন ?
“অ’ ফাগুণীয়া চঞ্চল বা !
আজিও মোৰ বুকুতে তোৰ সজা ……”
ফাগুনে কি শিকাই আচলতে? ভালপাবলৈ? জীৱনক ভালপাবলৈ নে‌ জীৱনক উৎযাপন কৰিবলৈ? কিমান দীঘলীয়া অনুশীলনৰ পিছত জীৱন সহজ হৈ পৰে ভালপোৱাৰ ৰঙচুৱা বাটত খোজ দিবলৈ? পৃথিৱীৰ সমস্ত সত্ত্বাক ভালপাবলৈ?
“হঠাতে কাৰোবাৰ কথা ভাবি মনটো ভাল লাগিল ,
মোৰ কথা ভাবি কাৰ ওঁঠলৈ হাঁহি নামিল,
হাঁহিত সৰা এটি জোনাকী মোৰ বুকুলৈ উৰি আহিল !”
সিদিনা মই ৰঙচুৱা আঁচু সূতাৰ মেখেলা চাদৰৰে সজ্জিত হৈ পৰিছিলোঁ, প্ৰথম যৌৱনৰ সন্ধিক্ষণ আছিল তেতিয়া, তুমি কৈছিলা;
“ৰঙা পিন্ধিছা, বেলিফুলৰ দৰে গোন্ধাইছা !”
আচলতে তেতিয়া মই ৰঙা পিন্ধা নাছিলোঁ, মই ফাগুন হোৱাৰ আখৰাহে কৰিছিলোঁ।”
আজিও ফাগুনক মই বুকুত কঢ়িয়াই ফুৰো, এটুকুৰা তীব্ৰ ৰঙচুৱা মন পলাশক হৃদয়ৰ প্ৰতিটোপাল ৰক্তৰে সুসজ্জিত কৰি।
“তই ফাগুন হৈ অহাৰে পৰা
মদাৰফুলীয়া হৃদয় হ্ৰদত
পলাশবৰণীয়া অযুত ডিঙৰাৰ
নিৱিষ্ট অহাযোৱা !”
ফাগুন বিষাদ, শূন্যতাৰ যেন অন্য এক ৰূপ। য’ত লঠঙা গছ বিৰিষ, ধূলিময় চৌদিশ আৰু শুকান পৰিবেশ। য’ত একো নাই পূৰ্ণতা কিম্বা প্ৰাপ্তি। তাত সৃষ্টিৰ অনন্ত ঋতুৰ ৰাগিণী তুলিবলৈ একো উৎস কিম্বা আলচৰ অৱস্থিতি নাই। তেনেহলে কি ফাগুন উদাসীনতাৰ প্ৰতীক।
“সচৰাচৰ হোৱাৰ দৰে নে
কিয় আলিংগনত অৱসাদ অথবা উদাসীনতা ?
এই পৃথিৱীৰ শীৰ্ণতাৰ উদাসীন জীৱনত
হেজাৰযোজন কহুৱাতুলাৰ কপাহী বা’
লাগিবনে কাহানিও ।
উদাস চাকনৈয়াৰ উদাসী ঢৌৰ সৈতে
অচিনাকি সাঁতোৰ মোৰ
উদাস চিৰকাল !
আজীৱন একেলগে, ফাগুনৰ সৈতে নে সোঁতৰ সৈতে? “
তেন্তে ফাগুন কি কেৱল দুঃসপ্ন নে অৱসাদ? ফাগুন কি ? নুসুধিবা আৰু বাৰে বাৰে। ইমানৰ পিছতো কি মই এৰিছো এই জয়গান গাবলৈ? ফাগুনক ভালপাবলৈ? গুপুতে গোপনে এটি পৰিভ্ৰমী বনৰীয়া পক্ষী উৰি আহি মোৰ বুকুৰ বৰসজাঁত বাঁহ বান্ধিলে ! উদং ফাগুনক মই সুধিলো :
 ” ভালপোৱাৰ বাট কোনফালেদি ? “
ফাগুনে হাঁহি মাৰি কলে :
” চৰাইটি সোমাল যিফালেদি ! “
ফাগুন: মোৰ প্ৰেমৰ অন্য এটা নাম
আচলতে ফাগুন এক অনুপ্ৰেৰণা, ভালপোৱাৰ এক যাত্ৰা অথবা এক অনুশীলন। য’ত সোমাই থাকে বসন্তৰ সেউজীয়া প্ৰতিশ্ৰুতি। সম্ভৱনাৰ প্ৰতিশ্ৰুতি। শ্লেলীৰ ভাষাৰে মইও গুণগুণাই উঠিলোঁ,
 “O Wind, If Winter comes, can Spring be far behind ! “
       (P. B. Shelley : Odd to the West Wind)
আহঃ ! পলাশ তুমি , মই ফাগুন !
বলিয়া ফাগুনে অজানিতে তোমাক ৰঙচুৱা কৰিলে
( নে তুমি ফাগুনক বুকুত ফুলিব দিলা ? )
বুকুত তোমাৰ শিমলু ফুলিলেও
মই ৰঙা নহওঁ ,
তুমিও জানি লোৱা
ৰাঙলী হোৱা স্ততঃপ্ৰবৃত্ত বাসনাও কেৱল মোৰ
ফাগুনৰ নহয়
তথাপিও
ফাগুন মোৰ প্ৰেমিকৰ অন্য এটা নাম !
ফাগুন : প্ৰেমৰ স্তৱক 
১)
…. আৰু সেই এটি বনৰীয়া বন – নহৰুৰ সুৱাস সুৱাগমণি দেহাত লগাৰে পৰা মই এটি চঞ্চল জুৰি হৈ সাগৰৰ দিশে গতি কৰিলোঁ । কুৱলিৰে দুহাত তিয়াই গথা শেৱালিৰ মৰহা মালাই ফাগুনৰ শুকান সৰাপাতৰ সৈতে অন্তৰংগতা স্থাপন কৰাৰে পৰা তুমি ৰঙচুৱা হোৱা মই চাই থাকিলোঁ । বুকুত যেন বহাগৰ বৰদৈচিলা অবিৰাম!
২)
….এদিন তুমি নজানাকৈয়ে মই তোমাৰ হৃদয় বাগিচাৰ প্ৰতিজোপা পলাশৰ ৰঙচুৱা দেহত সানি ল’ম আৰু তোমাৰ মন ফুলনিৰ একমাত্র মালিনী হ’ম । জানো মই : তুমিও সেই অধিকাৰ বিনাচৰ্তত মোকেই দিবা !
বসন্তই ফুচফুচাই ফাগুনক এই কথা কৈ আছিল আৰু দূৰণিৰ গছজোপাত দুটিমান কুঁহিপাতে ভুমুকি মাৰি উঠিছিল!!!