একাদশ মৃত্যু বার্ষিকীত মামণি ৰয়ছম গোস্বামীক স্মৰণ মালিগাঁও সাহিত্য সভাৰ

একাদশ মৃত্যু বার্ষিকীত মামণি ৰয়ছম গোস্বামীক স্মৰণ মালিগাঁও সাহিত্য সভাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- জ্ঞানপীঠ বঁটা বিজয়িনী বিশিষ্ট সাহিত্যিক মহীয়সী নাৰী মামণি ৰয়ছম গোস্বামীৰ একাদশ মৃত্যু বার্ষিকীৰ সতে সংগতি ৰাখি মহানগৰীৰ মালিগাঁও সাহিত্য সভাই আজি এক স্মৃতি চাৰণ অনুষ্ঠানৰ আয়োজন কৰে। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত স্মৃতি চাৰণ অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে মালিগাঁও সাহিত্য সভাৰ সভাপতি জ্যোতিপ্রসাদ বৰাই। মামণি ৰয়ছম গোস্বামীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে মালিগাঁও সাহিত্য সভাৰ প্রাক্তন সভাপতি সূর্যকান্ত দেৱশর্মাই আৰু বন্তি প্ৰজ্বলন কৰে মালিগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কামেশ্বৰ ডেকাই। সম্পাদক দিলীপ বড়োৱে আঁত ধৰা সভাখন উদ্বোধন কৰে অনিল কুমাৰ চৌধুৰীয়ে। বিশিষ্ট অতিথি ৰূপে সভাত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড° জগদীশ পাটগিৰী আৰু কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰিজু হাজৰিকা। সভাত প্রিয়নাথ দত্ত আৰু ৰেণুকা বসুমতাৰীৰ দুখন গ্রন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত শাখা সাহিত্য সভাৰ সদস্যবৃন্দৰ উপৰিও ভালে সংখ্যাক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।