একতা, সাংস্কৃতিক সমন্বয় আৰু ভ্ৰাতৃত্ববোধৰ সংকল্পৰে সীমান্ত এলেকা যুৱ আদান-প্ৰদান কাৰ্যসূচীৰ সফল সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ আৱাস, পল্টণ বজাৰ গুৱাহাটীত ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে সীমান্ত এলেকা যুৱ আদান-প্ৰদান শিৱিৰ অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক তাপচ কুমাৰ প্ৰামানিক উপস্থিত থাকি এক সুমধুৰ বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। যুৱ শক্তিক একতা, সাংস্কৃতিক সমন্বয় আৰু ভ্ৰাতৃত্ববোধৰ সংকল্পৰে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সংকল্প গ্ৰ্হণ কৰিবলৈ আহ্বান জনায়। সামৰণি অনুষ্ঠানত স্বেচ্ছাসেৱী অনুষ্ঠান মূলা গাভৰু মহিলা সমিতিৰ সম্পাদিকা জ্যোতি কলিতা, জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্য আৰু গাণনিক আৰু কাৰ্য্যসূচী পৰ্যবেক্ষক জীৱন চন্দ্ৰ দলে, উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ মূঠ ২৫ গৰাকী যুৱ প্ৰতিনিধিৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় যুৱক যুৱতীৰ মাজত একতা, ভাতৃত্ববোধৰ লগতে ভাষা, সাংস্কৃতিক সমন্বয়, সম্প্ৰীতিৰ আদান- প্ৰদানৰ লগতে শৈক্ষিক কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে অসম বিদ্যা মন্দিৰ মহাবিদ্যালয়, নুনমাটিৰ অধ্যক্ষ ডঃ ৰমেন চন্দ্ৰ তালুকদাৰ, জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আজিজুৰ ৰহমান, নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্য্যসূচী সহায়ক ধনঞ্জয় তালুকদাৰ, ৰেড ক্ৰছ ছছাইটিৰ কাৰ্য্যবাহী সহায়ক দিব্যজোতি ডেকা, স্কিল ফিনিটি সংস্থাৰ প্ৰতিস্থাপক অঞ্জন চৌধুৰী, বিশিষ্ট লিখক- কুইজ মাষ্টাৰ নৱকান্ত বৈশ্য, ট্ৰাইফেড,ডন বস্কʼ খাৰঘূলীৰ ফেকাল্টী ৰবি জন হেমব্ৰম, আদি সমল ব্যক্তিয়ে কাৰ্য্যসূচী অনুসৰি প্ৰশিক্ষণ প্ৰদান কৰে । প্ৰতিদিনে ৰাতিপুৱা অনুষ্ঠিত আকৰ্ষণীয় যোগাভ্যাস, ভাষা- সাংস্কৃতিক বিনিময়, শৈক্ষিক কাৰ্য্যসূচী,ক্ষেত্ৰ ভ্ৰমণ কাৰ্য্যসূচীত কামাখ্যা মন্দিৰ, বালাজি মন্দিৰ, পামহী পাৰিজাত চছাইটি, দ্বীপৰ বিল জলাশয়, ৰাজ্যিক চিৰিয়াখানা, পাণ বজাৰ ডন বস্কʼ গীৰ্জা পৰিদৰ্শন, ভাৰত জানো কুইজ, সাংস্কৃতিক বিনিময় আদি বিভিন্ন কাৰ্য্যসূচীৰে শিৱিৰৰ সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত প্ৰতিজন প্ৰশিক্ষাৰ্থীক একোখন অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয়।নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই পাঁচ দিনীয়া শিৱিৰত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী, সমল ব্যক্তিৰ লগতে নিমন্ত্ৰীত অতিথি সকলক শিৱিৰৰ সফল সামৰণিৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।